• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহোম ৰয়েল ছ’চাইটি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস

চ্যুকাফাৰ কৰ্মৰাজিৰ বিষয়ে গৱেষণা কৰিব লাগে : প্ৰেম গগৈ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 2, 2018 8:33 pm
Asom Divas

চৰাইদেউ জিলাৰ নাংকুৰি পাহাৰৰ কাষত থকা চ্যুকাফাৰ সমাধিক্ষেত্ৰত অসম দিৱস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহোমসকলৰ পিতৃপুৰুষস্বৰূপ তথা অসমীয়া জাতিৰ ভেটি স্থাপন কৰোঁতা চাওল্যুং চ্যুকাফাৰ চৰাইদেউস্থিত সমাধিক্ষেত্ৰত আজি আহোম ৰয়েল ছ’চাইটি, শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসম  দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়।

চৰাইদেউ জিলাৰ নাংকুৰি পাহাৰৰ কাষত যোৱা দুটা বছৰৰ পূৰ্বে আৱিষ্কাৰ হেৱা চ্যুকাফাৰ সমাধিত অনুষ্ঠিত এই অসম দিৱসত অংশ গ্ৰহণ কৰি বিশিষ্ট কবি প্ৰেম গগৈয়ে কয়, “১১৯৫ খৃষ্টাব্দত বিশেষ দিনত সুদূৰ মাওল্যুঙৰ পৰা ছৌ কা ফা অথবা চ্যুকাফা নামৰ এগৰাকী যুৱৰাজৰ অসমলৈ আগমন ঘটিছিল। লক্ষ্য আছিল এটা জাতি প্ৰতিষ্ঠা কৰা। এই জাতি প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে উজনি অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি  এসময়ত থিতাপি লৈছিল বৰ্তমানৰ দুলীয়াজানৰ অন্তৰ্গত ভাদৈ সমীপৰ তিপামত। এই তিপামতেই এক ৰাজ্য প্ৰতিষ্ঠা কৰাৰ মন বান্ধিছিল যদিও সময় আৰু ঠাই উপযোগী নোহোৱাৰ বাবে এইগৰাকী সম্ৰাটে পুনৰ নিজ দেশলৈ উভতি গৈ ১২২৮ খৃষ্টাব্দত পুনৰ জাতি গঠনৰ উদ্দেশ্যে সৌমাৰপীঠত ভৰি দিয়েহি। এই সৌমাৰ পীঠতেই ভৰি থৈ সোণবৰণীয়া অসমৰ ঐতিহ্যত অভিভূত হৈ চৰাইদেউত প্ৰথমে স্থাপন কৰিছিল আহোম প্ৰশাসনৰ প্ৰথম ৰাজধানী। এই ৰাজধানীৰ পৰাই সাতৰাজ সামৰি একৰাজ কৰা মহামতি চাওল্যুং চ্যুকাফাই গঢ় দিছিল সাহিত্য, কৃষ্টি, সংস্কৃতিৰে ভৰপূৰ অসমীয়া নামৰ এটি জাতিৰ ভেটি।”

কবি গগৈয়ে চুকাফাই মাওল্যুঙৰ পৰা আহোতে লগত লৈ অনা কৃষ্টি সংস্কৃতি সকলো ত্যাগ কৰি অসমত থলুৱা ভাষা কৃষ্টি-সংস্কৃতিক আপোন কৰি ল’লে বুলি উল্লেখ কৰে।

তেওঁ কয়, “ইতিহাস অনুযায়ী ১২৬৮ খৃষ্টাব্দত প্ৰথম অসমীয়া তথা বৰ অসমৰ প্ৰতিষ্ঠাপক চ্যুকাফাৰ মৃত্যু হৈছিল। ত্যাগৰ এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা এইগৰাকী জাতীয় বীৰক তেওঁৰ কৰ্ম, দক্ষতা প্ৰশাসনিক জ্ঞান আৰু ভাতৃত্ববোধক শাসক পক্ষই কিন্তু যথোচিত গুৰুত্ব নিদিলে।”

তেওঁ নৱপ্ৰজন্মই চ্যুকাফাৰ কৰ্মৰাজিৰ বিষয়ে গৱেষণা কৰিব লাগে বুলি মত পোষণ কৰে।

আনহাতে, আহোম ৰয়েল ছ’চাইটিৰ শিৱসাগৰ জিলাৰ সভাপতি মণিৰুল ইছলাম বড়াই আঁত ধৰা অনুষ্ঠানটোত  আহেম ৰয়েল চ’ছাইটিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি কমলা ৰাজকোঁৱৰে তাই মন্ত্ৰোচাৰণেৰে চ্যুকাফাৰ স্মৃতিত মৈদামত শৰাই আগ বঢ়ায়।

অনুষ্ঠানটোত উপস্থিত থাকে আহোম ৰয়েল ছ’চাইটিৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি হিমাংশু নেওগ, পবিত্ৰ ৰাজকোঁৱৰ, সম্পাদক পাৰ্শ্বজ্যোতি গগৈ, কোষাধ্যক্ষ ৰাতু কুমাৰ দাস, প্ৰচাৰ সম্পাদক প্ৰাঞ্জলপ্ৰতিম গগৈ, চন্দন বৰা,  পলাশপ্ৰতিম গগৈ, উজনি অসম মুছলিম কল্যাণ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ইদুল আহমেদ, ৰাজীৱ হুছেইন, সাংবাদিক ফিৰোজ খান, অনিল ঠাকুৰৰ লগতে বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

নাৰীয়ে কেৱল ভালপোৱাই বিচাৰে? জানি লওক সংগীৰ পৰা নাৰীয়ে বিচৰা গোপন প্ৰত্যাশা

September 8, 2025 7:05 am
কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে ‘বিস্তীৰ্ণ পাৰৰে… ব্ৰহ্মপুত্ৰৰ বুকুৰে সাংগীতিক যাত্ৰা’

September 8, 2025 8:53 am
কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

কোৰিয়াক পৰাস্ত কৰি চতুৰ্থ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত

September 8, 2025 7:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd