• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱা থানত মূৰ দোৱাই অসমবাসীৰ বাবে শান্তি কামনা কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

মিণ্টু দাস by মিণ্টু দাস
December 4, 2018 8:20 am
5dc439af-428b-476c-99e1-7967afe98794

সোমবাৰে নির্বাচনী প্রচাৰৰ অন্তত বটদ্ৰৱা থানত মূৰ দোৱাই আশিষ লৈছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”অসমীয়া মহাজাতিক বিশ্বত প্ৰতিষ্ঠিত কৰা জগত গুৰু জনাৰ জন্ম আদি লীলাভূমি এই পবিত্ৰ বটদ্ৰৱা থানত মূৰদোৱাই মই সমূহ অসমবাসীৰ শান্তি কামনা কৰিছো।”  এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণিৰ পাছত সোমবাৰে অসমৰ মুখ্য মন্ত্ৰীগৰাকী সন্ধিয়াৰ ভাগত সম্পূৰ্ণ জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত উপস্থিত হৈ কয় যে পাহাৰ ভৈয়াম-বৰাক ব্ৰহ্মপুত্ৰ সমন্বিতে বৰ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য সম্প্ৰিতিৰ এনাজৰী ডাল অধিক সু-দৃঢ় হোৱাৰ মনোবাঞ্চাৰে মই গুৰুজনাৰ শ্ৰীচৰণত প্ৰণাম জনাইছো।

Apply Now

ভগৱন্ত প্ৰভুৰ চাৰি অৱতাৰৰ ধূলাৰে পবিত্ৰ এই মহিমামণ্ডিত থানৰ আশীৰ্বাদত অসমবাসীৰ প্ৰগতিৰ ভেটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আশাবাদী বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে থান সত্ৰৰ ভকত- বৈষ্ণৱ, আইমাতৃৰ সকলৰ আগত নিজৰ অভিমত ব্যক্ত কৰে।

বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত সাষ্টাংগে প্ৰণাম জনাই মুখ্যমন্ত্ৰী সোণোৱালে মণিকূটৰ অক্ষয় বন্তিত তেল আৰু শলিতা প্ৰজ্বলিত কৰি ৰখা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ হাতেৰে নৈবেদ্য  আগবঢ়ায়। বটদ্ৰৱা থানত সেৱা আগবঢ়াই উভতি অহাৰ ক্ষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক আকাশী গঙ্গা জলধাৰাত প্ৰণাম জনাই এচলু জল শিৰত লয়।

তপোবনৰ দৃশ্যৰাজিৰে সন্ধিয়াৰ সময়খিনিত সুশোভিত আকাশীগঙ্গাৰ নৈসৰ্গিক পৰিবেশ গছ লতিকা আৰু বিহংগৰ কাকলিত মন্ত্ৰমুগ্ধ হৈ প্ৰকৃতি সংৰক্ষণত গুৰুত্ব দিবলৈও পৰিচালনা সমিতিক অনুৰোধ জনায়।

ইয়াৰ পাছতে বটদ্ৰৱা থানৰ পৰ্যটন নিবাসত পৰিচালনা সমিতিৰ তৰফৰ পৰা ধৰ্মবস্ত্ৰ, শৰাই, কুঁহিলাৰ কঠ আৰু গ্ৰন্থৰে আদৰণি জনোৱা হয়। সহকাৰী সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁতধৰা সম্বৰ্দ্ধনা অনুষ্ঠানটোত স্থানীয় বিধায়িকা আঙুৰলতা ডেকা ,পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ব্ৰজেন কাকতি আৰু অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত বৰাও উপস্থিত থাকে।

উল্লেখ্য যে, ইতিপূৰ্বে অনুষ্ঠিত প্ৰতিটো বিধান সভা, লোকসভা, পঞ্চায়ত আৰু নিগম নিকায়কে আদি কৰি অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহৰ প্ৰচাৰ কাৰ্যসূচীৰ সামৰণিৰ অন্তত বিভিন্ন ৰাজনৈতিক পদবীত অধিষ্ঠিত নেতৃত্বই পোনে পোনে অতিথিশালা, ৰিজ’ৰ্ট আদিত গৈ আমোদ প্ৰমোদত ব্যস্ত হোৱা কিম্বা জিৰণি লোৱা উদাহৰণসমূহৰ বিপৰীতে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বটদ্ৰৱাৰ দৰে পূণ্যভূমিত উপস্থিত হৈ সেৱা গ্ৰহণ কৰা আৰু বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱ, আইমাতৃসকলৰ লগত কিছুসময় পাৰ কৰা বিষয়টোৱে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd