• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বিসকলৰ কিংবদন্তিৰ নায়িকা কাজিৰ ৰংহাংপীক শ্ৰদ্ধা জ্ঞাপন তুলিৰাম ৰংহাঙৰ

নংগি তেৰাং by নংগি তেৰাং
December 5, 2018 8:49 pm
33
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ডিচেম্বৰ ৫ তাৰিখ বুধবাৰে কাজিৰঙাৰ সৈতে জড়িত এটা প্ৰাচীন লোককথাৰ নায়িকা কাজিৰ ৰংহাংপীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাবে ডিফুৰ পৰা প্ৰায় ১৭৭ কিঃমিঃ দূৰত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কহঁৰাত এটা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ চিন স্বৰূপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে ৫ ডিচেম্বৰ তাৰিখটো বন্ধৰ দিন ঘোষণা কৰিছে।

আজিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলীৰাম ৰংহাং। দুৱাৰবাগৰি স্বায়ত্ব শাসিত পৰিষদ সদস্য সমষ্টিৰ অন্তৰ্গত কিন্দোলাংছত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি ৰংহাঙে কয় যে ৰাজিৰঙাৰ উন্নয়নৰ বাবে ১০,০০০ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ পৰা কাৰ্বি আংলং জিলা অধিক উপকৃত হ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে।

‘‘বিগত সময়ত প্ৰদান কৰা কাজিৰ ৰংহাপী কিন্দুলাংছ স্মাৰক উদ্যানৰ সীমা দেৱাল, প্ৰৱেশদ্বাৰ সম্পূৰ্ণ হৈ উঠিছে। প্ৰধান মন্ত্ৰীৰ বিশেষ পেকেজেৰে নিকটবৰ্তী কাইফোলাংছ এলেকাটোত এটা পৰ্যটনস্থান হিচাপে গঢ়ি তোলা হ’ব।’’ তেওঁ আৰু কয় ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিৱেশ সংৱেদনশীল মণ্ডল কাৰ্বি আংলঙত অন্তৰ্ভুক্ত নহয়। আমি ইয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে সাম্ভাব্য সকলো আইনী প্ৰচেষ্টা কৰি যাম।’’

তেওঁ আৰু কৈছে যে অহা ১১ ডিচেম্বৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিৰ  ‘টীম কাৰ্বি আংলং’ গোটটো চিনথং স্বায়ত্ব শাসিত পৰিষদ সদস্য সমষ্টিৰ অন্তৰ্গত মুৰাতলৈ আহিব।

কিংবদন্তী অনুসৰি, কাজিৰ ৰংহাংপীক সৃষ্টিকৰ্তা ‘ছংছাৰ ৰিছো’ৱে মানৱ জাতিক ধানখেতি কৰিবলৈ শিকোৱাৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। তেওঁৰ পৰাই এই ঠাইখনৰ নাম কাজিৰঙা হৈছে।

কাজিৰ ৰংহাংপী হক ৰংহাং আৰু বং ই তেৰপীৰ জীয়ৰী আছিল। হক ৰংহাং আছিল এগৰাকী কাৰ্বি মুখিয়াল। বৰ্তমানৰ কাজিৰঙা আছিল তেওঁৰ এলেকা। কাৰিৰৰ বায়েক আছিল কাদিং ৰংহাংপী আৰু ভায়েক আছিল ছাৰছমন ৰংহাং। সৰুৰে পৰা কাজিৰৰ গাত দৈৱ লক্ষণ দেখা গৈছিল আৰু তাকে দেখি তেওঁক দেৱদূতসকলে স্বৰ্গলৈ লৈ গৈছিল। কিন্তু নিজৰ মাক দেউতাকক বিছাৰি কাজিৰে পুনৰ পৃথিৱালৈ উভতি আহে। তেওঁ পৃথিৱালৈ অহাৰ সময়ত পথাৰত হাল বাবলৈ এহাল গঁড় লৈ আহে। তেওঁ নিজৰ কাম স্পূৰ্ণ কৰি পুনৰ স্বৰ্গলৈ উভতি যায়। যোৱাৰ সময়ত তেওঁ তেওঁৰ ভায়েক ছাৰছমনক ধান খেতি কৰিবলৈ  শিকাই থৈ যায়। কাজিৰে বাস কৰা বাস কৰা ঠাইখিনিক কাজিৰ আৰং অৰ্থাৎ কাজিৰ গাঁও বুলি কোৱা হয়। সময়ত এই ঠাইখিনিৰ নাম লাহে লাহে কাজিৰঙালৈ ৰূপান্তৰিত হয়।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd