আজি আমবাৰীৰ মুখ্য কাৰ্য্যালয় প্ৰাংগণত অগপ দলটোৱে অনুষ্ঠিত কৰা চহিদ দিৱসৰ কাৰ্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় যে অগপই বিজেপিৰ লগত বুজাবুজি কৰিছিল বিধানসভা নিৰ্বাচনৰ বাবেহে। লোকসভা নিৰ্বাচনৰ বাবে বুজাবুজি কৰা হোৱা নাছিল। কংগ্ৰেছৰ অপশাসন আৰু দুৰ্নীতি বন্ধ কৰিবৰ বাবে আৰু বিকল্প নাছিল বাবেহে এই মিত্ৰতা কৰা হৈছিল।
“বহুকেইটা কথাত আমাৰ ৰিজাৰ্ভেশ্যন থাকিলেও ৰাজ্যখনৰ স্বাৰ্থত সন্মতি জনোৱা হৈছিল।” মহন্তই কয়।
তেওঁ আঞ্চলিক দলৰ প্ৰয়োজনীয়তা দৃঢ়তাৰে উল্লেখ কৰে। “মই ভাবো যে আঞ্চলিক যিবিলাক আমাৰ সমস্যা, আঞ্চলিক দলেহে সমাধান কৰিব পাৰিব। অন্ধ্ৰতে হওক, তামিলনাডুত হওক, তেলেংগানাতে হওক, জন্মু আৰু কাশ্মীৰতে হওক, সকলোতে আমি সেইটোৱে দেখো।”
“আনকি পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছক যদিও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ দল বুলি কোৱা হয়, পশ্চিম বংগৰ বাবে সেইটো আঞ্চলিক দলৰ দৰে। আঞ্চলিক দল অবিহনে ৰাজ্য বিলাকৰ বিকাশ সম্ভৱ নহয়।” মহন্তই কয়।
আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে ভাৰতক যদিও যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, যুক্তৰাষ্ট্ৰীয় প্ৰথাটো ভালদৰে প্ৰয়োগ হোৱা নাই।
তাৎপৰ্য্যপূৰ্ণভাৱে এজন সাংবাদিকে মহন্তৰ কাৰ্য্যকালত হোৱা গুপ্তহত্যাৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে মহন্তই সাংবাদিকজনক ব্যক্তিগত ধৰণৰ আক্ৰমণৰ পথ লয়।
“সেইটো তোমাৰ মালিকক সুধি ল’বা। ক’ৰ্টৰ জাজমেণ্ট আছে।” মহন্তই সাংবাদিকজনক প্ৰায় ইতিকিঙৰ সুৰত কয়।
সাংবাদিকজনে তেতিয়া উত্তৰত কয়, “মই এজন ৰিপ’ৰ্টাৰ হিচাপে আপোনাক প্ৰশ্নটো সুধিছো। ইয়াত মালিক ক’ৰ পৰা আহিল?”
“মালিকতো আহিবই। এইটো আছেই ইয়াতে, নিউজ লাইভ।” বুমটোলৈ আঙুলিয়াই মহন্তই কয়। “ৰিপ’ৰ্টাৰ হিচাপে তোমাক বহুত উত্তৰ দিছো।” এনেকৈও কয় মহন্তই।
তাৰ পিছত মহন্তই প্ৰশ্নটোলৈ ঘূৰি যায় আৰু সাংবাদিকজনক ভালদৰে উত্তৰ দিয়ে, “সেইবিলাক আছিল কংগ্ৰেছৰ ষড়যন্ত্ৰ। যিবিলাক মানুহ কংগ্ৰেছত আছিল, তেওঁলোকৰ দলটো সলনি হ’লেও ৰংটো সলনি হোৱা নাই।”
উত্তৰটোৰ জৰিয়তে যে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে হিমন্তকে কটাক্ষ কৰিছে সেয়া স্পষ্ট হৈ পৰে।
তাৰ পিছতে মহন্তই আকৌ কয়, “য়ুনিফাইড কমাণ্ড কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰে। ৰাজ্য চৰকাৰৰ কোনো দায়িত্ব তেনেকুৱা নাই।”