বিগত বছৰবোৰৰ দৰে এইবাৰে অহা ৮ জানুৱাৰিৰ পৰা কোকৰাঝাৰৰ গোসাঁইগাওঁ নেহৰু ষ্টেডিয়ামত তিনি দিনীয়া কাৰ্য্যসূচীৰে সপ্তম বড়োলেণ্ড উশ্বু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। এই কথা জনাইছে বড়োলেণ্ড উশ্বু সংস্থাই। বড়োলেণ্ড উশ্বু সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনত বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাকসা আৰু ওদালগুৰিৰ লগতে শোণিতপুৰ আৰু গোৱালপাৰৰ জিলাৰ মুঠ ৪০০ শৰো অধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব বুলি জনাইছে আয়োজক সংস্থাটোৱে।
সংস্থাটোৰ সভাপতি জুবিৰাম বসুমতাৰীয়ে সংবাদমেলত কয় যে প্ৰতিযোগিতাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলাই থকা হৈছে। ইতিমধ্যে প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰিবৰ বাবে বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য সভাৰাম বসুমতাৰীক সভাপতি আৰু ৰহিন্দ্ৰ ব্ৰহ্মক সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰি দিয়া হৈছে।
বসুমতাৰীয়ে জনোৱা মতে প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত হ’ব। শাখাকেইটা হ’ল- জুনিয়’ৰ, ছাব-জুনিয়’ৰ আৰু ছিনিয়’ৰ। এই প্ৰতিযোগিতাত জয়ী হোৱা সকলক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ’ব।
বড়োলেণ্ড উশ্বু সংস্থাৰ সভাপতিজনে অঞ্চলটোৰ সকলো নাগৰিকক প্ৰতিযোগিতাখন সফল কৰি তোলাত সহযোগিতা আগ বঢ়াবলৈ আহ্বান জনাইছে।