সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজাই পৰাই তোলা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আদি লীলা ভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থান সমগ্ৰ বিশ্ব মানৱৰ আস্থা, বিশ্বাস আৰু ভক্তিৰ কেন্দ্ৰ। আজিৰ পৰা ৫৭০ বছৰ পূৰ্বে জগত গুৰু জনে আবিৰ্ভাৱ গ্ৰহণ কৰা এই পূণ্যধাম মহাগ্ৰাম বটদ্ৰৱাৰ পৰাই অসমীয়া সাহিত্য সংস্কৃতিৰ উত্তৰণ ঘটিছিল।
গুৰুজনাৰ মহান সৃষ্টিৰাজিৰ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰৰ মহীয়ান লক্ষ্য আৰু উদ্দেশ্যৰে শ্ৰী শ্ৰী বটদ্ৰৱা থানে অবিৰতভাৱে প্ৰয়াস অব্যাহত ৰাখিছে। তেনে এক বিশ্ব অভিমুখী প্ৰয়াসৰ অন্যতম অংশ হিচাপে সোমবাৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ উষা নগৰত (বৰবাৰী) শ্ৰী শ্ৰী বটদ্ৰৱা থান শাখা সত্ৰৰ নামঘৰ আৰু শংকৰী সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়।
পৰম্পৰাগত সত্ৰীয়া কৃষ্টিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আনুষ্ঠানিকতাৰ মাজেৰে আয়তীৰ উৰুলি-মঙ্গল ধ্বনিৰে নামঘৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে।
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ব্ৰজেন কাকতি আৰু কোষাধ্যক্ষ ঘনশ্যাম নাথ, অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, শিৱসাগৰ বৰখাট সত্ৰৰ ডেকা সত্ৰাধিকাৰ জিতেন মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি হৰেন মহন্ত, প্ৰাক্তন সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ মহন্ত, থানৰ বৰ নাম লগোৱা প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে।
তদুপৰি, পৰিচালনা সমিতিৰ সদস্য-সকল, বটদ্ৰৱা থানৰ ডম্বৰুধৰ গায়ন, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিষয়া ড০ দিব্যজ্যোতি মহন্তকে প্ৰমুখ্যে ভকত বৈষ্ণৱ সকলৰ লগতে গুৱাহাটীৰ স্থানীয় উষা নগৰ অঞ্চলৰ ভকত বৈষ্ণৱ আৰু আইমাতৃ সকলৰ সহিতে সহস্ৰাধিক ৰাইজ উপস্থিত আছিল।
বটদ্ৰৱা থানলৈ বিভিন্ন সময়ত আগমন ঘটা দেশৰ তথা বহিঃবিশ্বৰ দৰ্শনাৰ্থী, পৰ্যটক সকল গুৱাহাটীত থকা মেলাৰ সুবিধাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি বটদ্ৰৱা থানৰ শাখা সত্ৰত অত্যাধুনিক সা-সুবিধা যুক্ত অতিথিশালা আৰু শংকৰী সংস্কৃতিৰ প্ৰকল্প নিৰ্মাণৰ ব্যৱস্থা লোৱা হ’ব বুলি সমিতিয়ে জনাইছে।
বটদ্ৰৱা থানৰ শাখা সত্ৰৰ নামঘৰ আৰু শংকৰী সংস্কৃতিৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণী অনুষ্ঠানৰ লগত সংগতি ৰাখি নাম-প্ৰসঙ্গও অনুষ্ঠিত হয়।