• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ দাবী আৰু আপত্তিৰ সময় এমাহ বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ আৱেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2018 11:24 am
Get ready to accept Assam NRC positively
830
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ দাবী আৰু আপত্তি দাখিলৰ ক্ষেত্ৰত আৰু এমাহ সময় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে। পূৰ্বে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া অনুসৰি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ হৈছে অহা ১৫ ডিচেম্বৰ। ৰাজ্য চৰকাৰে ৰাইজক সুযোগ দিবলৈ এই সময় বৃদ্ধিৰ আৱেদন জনাইছে।

মূলত: পঞ্চায়ত নিৰ্বাচনত বিষয়া-কৰ্মচাৰীসকল নিয়োজিত হৈ থকাৰ উপৰি ৰাইজো ব্যস্ত থকাৰ কাৰণ দৰ্শাই ৰাজ্য চৰকাৰে দাবী আৰু আপত্তি দাখিল কৰিবলৈ  সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে।

অৱশ্যে জানিব পৰা মতে গৃহ বিভাগে এসপ্তাহৰ পূৰ্বে এন আৰ চি কৰ্তৃপক্ষক এখন পত্ৰৰ জৰিয়তে দাবী আৰু আপত্তি দাখিলৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত জানিব বিচাৰিছিল যদিও এন আৰ চি কৰ্তৃপক্ষই গৃহ বিভাগৰ পত্ৰৰ কোনো সঁহাৰি নজনালে। সেয়েহে, ৰাজ্য চৰকাৰে  সময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আৱেদন জনাইছে।

ৰাজ্য চৰকাৰে আৱেদনত পঞ্চায়ত নিৰ্বাচনত ৰাইজ ব্যস্ত হৈ থকাৰ বাবে দাবী আৰু আপত্তি দাখিলৰ সংখ্যা কম হোৱাৰ কথা উল্লেখ কৰি ৰাইজৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি নোহোৱাৰ ফলতো আৱেদন কম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

আনহাতে, অন্তৰ্ভুক্ত হোৱা কোনো ব্যক্তিৰ ক্ষেত্ৰত সন্দেহ হ’লে আপত্তি জনোৱাৰ সুযোগ থাকিলেও এ আৰ এন নম্বৰটো আনে নোপোৱাৰ বাবেই আপত্তি দাখিলৰ সংখ্যা কমিছে। ইয়াৰ লগতে দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰখন জটিল হোৱাৰ ফলতো বহু লোকে আৱেদন দাখিল কৰিব নোৱৰাৰ কথা উল্লেখ কৰা হৈছে আৱেদনখনত।

ৰাজ্য চৰকাৰ এই আৱেদনখন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে কোনো নিৰ্দেশনা দিয়া নাই। আনহাতে, মুখ্য ন্যায়াধীশ গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই সন্দৰ্ভত সুকীয়া বিচাৰপীঠ গঠন কৰাৰো পোষকতা কৰিছে। আজিৰ ভিতৰতে এই বিষয়ত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰাৰো সম্ভাৱনা আছে।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd