• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

গান্ধী, নেহৰু, অটল বিহাৰী, দীনদয়ালৰ নামত নহয় বক্সাৰ মেৰিকমৰ নামত পথৰ নাম ৰাখিলে মণিপুৰ চৰকাৰে

চভাপতি চামম by চভাপতি চামম
December 12, 2018 10:24 am
mary-kom-road-

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নিজস্বতাহীন বৰমূৰীয়াসকলে পদলেহনৰ নামত ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-ঘাট আদি নেহৰু, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, বাজপেয়ী, দীনদয়াল আদিৰ নামত নামাকৰণ কৰাৰ প্ৰতিযোগিতাত নমাৰ সময়তে মণিপুৰৰ চৰকাৰে নিজৰ ৰাজ্যৰ সফল ব্যক্তিৰ নামত পথ নামকৰণেৰে দেখুৱালে অনুকৰণীয় দৃষ্টান্ত। ৰাজ্যখনৰ চৰকাৰখনে ছবাৰকৈ মহিলা বিশ্ব বক্সিং চেম্পিয়ন হোৱা এম চি মেৰিকমৰ নামত নামকৰণ কৰিছে এটা পথ।

জানিব পৰা মতে চেম্পিয়ন বক্সাৰগৰাকীয়ে স্থায়ীভাৱে পৰিয়ালৰ লগত বসবাস কৰা পশ্চিম ইম্ফল ডি চি পথটো চৰকাৰে এম চি মেৰিকমৰ নামেৰে নামকৰণ কৰিছে। ১১ ডিচেম্বৰত ৰাজ্য চৰকাৰে বক্সাৰগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা এক অনুষ্ঠানত মুখ্য মন্ত্ৰী এন বীৰেন সিঙে এই কথা ঘোষণা কৰে।

Apply Now

মণিপুৰৰ খুমাম লেম্পাক স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ছবাৰৰ মহিলা বিশ্ব বক্সিং চেম্পিয়ন মেৰিকমক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ‘মিথৈ লেইমা’ উপাধি প্ৰদান কৰাৰ লগতে ১০ লাখ টকাৰ চেকো প্ৰদান কৰা হয়।

সম্বৰ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰী বীৰেন সিঙে নিজৰ ভাষণ প্ৰসংগত কয় যে মেৰিকমক আমাৰ ৰাজ্যৰ জীয়ৰী হিচাপে পোৱা বাবে আমি ভাগ্যবান তথা গৰ্বিত। আমি নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই, কাৰণ আজি সমগ্ৰ বিশ্বই তেওঁক চিনি পাই। এতিয়া ২০২০ টকিঅ’ অলিম্পিকত সফলতা অৰ্জনৰ বাবে তেওঁক মণিপুৰবাসীয়ে মৰম আৰু আশীৰ্বাদ কৰক।

আনহাতে ৰাজ্যসভাৰ সাংসদ হিচাপে মেৰিকমক বাচনি কৰা আৰু মণিপুৰত দেশৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা বাবে মুখ্য মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জনায়।

ইফালে উক্ত সম্বৰ্ধনা অনুষ্ঠানত বক্সাৰ মেৰিকমেও উপস্থিত লোকসকলৰ উদ্দেশ্যি ভাষণ আগবঢ়োৱা দেখা যায়। তেওঁ মানুহৰ মৰম, আশীৰ্বাদ তথা সহযোগিতা অবিহনে সফলতা অৰ্জন কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে। ইয়াৰ উপৰি মেৰিকমে অনুষ্ঠানত উপস্থিত থকা যুৱ খেলুৱৈসকলক অতি মনোযোগেৰে নিয়মীয়াকৈ অনুশীলন কৰি যাবলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে মেৰিকমক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত উপ মুখ্য মন্ত্ৰী ৱাই জয়কুমাৰ সিং, কেবিনেট মন্ত্ৰী টি এইচ বিশ্বজিৎ, এল জয়ন্তকুমাৰ, কৰম শ্যাম, এন কাইছি, ভি হেংখালিয়া, লেটপাও হাওকিপৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd