কোকৰাঝাৰ জিলাত বিদ্যুৎ বিভাগ আৰু বিভাগীয় ঠিকাদাৰৰ চৰম ভুলৰ পৰিণতিতে সঘনে জিলাখনত সাধাৰণ জনতাৰ উপৰি বিভাগীয় শ্ৰমিক সকলে কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’ব লগা হোৱাত আজি কোকৰাঝাৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বৈদ্যুতিক শ্ৰমিক আৰু ঠিকাদাৰৰ মাজত এখন দুৰ্ঘটনা প্ৰতিৰোধ আৰু সুৰক্ষামুলক সজাগতা সভা অনুষ্ঠিত হয়।
উল্লেখ্য যে, কোকৰাঝাৰ বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ এইচ এচ ইলেকট্ৰিকেল আৰু এন্নাৰপ’লচ নামৰ নিৰ্মীয়মান সংস্থাৰ তত্ত্বাৱধানত আয়োজিত হোৱা সুৰক্ষা আৰু সজাগতা কাৰ্যসূচীত কোকৰাঝাৰত সংঘটিত হোৱা সঘন বিদ্যুৎস্পৃষ্ট ঘটনা প্ৰতিৰোধ কৰিবলৈ কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই বিষয়ে শ্ৰমিক, সংশ্লিষ্ট ঠিকাদাৰ আৰু বিদ্যুৎ বিভাগৰ নিৰ্মীয়মান বিভাগীয় ঠিকাদাৰক সতৰ্কতাজনিত পৰামৰ্শ আগবঢ়ায় কোকৰাঝাৰ বৈদ্যুতিক চক্ৰৰ চক্ৰ কাৰ্যবাহী বিষয়া মুকুল পাটোৱাৰীয়ে।
উক্ত সজাগতা সভাত পাটোৱাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বৈদ্যুতিক আঁচনি সৌভাগ্যক সাফল্য মণ্ডিত কৰিবলৈ বিদ্যুৎ সংযোগ গাঁও সমূহৰ নিৰ্মীয়মান অৱস্থাত বিশেষকৈ ঠিকাদাৰ সকলে বিভাগৰ লগত প্ৰত্যক্ষ সম্পৰ্ক ৰাখি বিদ্যুৎ ‘ছাট ডাউন’ৰে শ্ৰমিক আৰু জনতাকো সুৰক্ষিত কৰাৰ কঠোৰ নিৰ্দেশনা দিয়ে।
এইক্ষেত্ৰত কোকৰাঝাৰত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনা আৰু পূৰ্বতে ঘটা ঘটনাবোৰ পুনৰাই যাতে নঘটে তাৰ প্ৰতিও সতৰ্কতা অৱলম্বনৰ পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়। সজাগতা সভাত শ্ৰমিক সকলৰ বিদ্যুৎ সংযোগ আৰু বৈদ্যুতিক খুটাৰ ওপৰত ল’ব লগা বৈজ্ঞানিক সতৰ্কতাৰ ওপৰতো বুজ লয় বিভাগীয় বিষয়াগৰাকীয়ে।
আজিৰ সজাগতা সভাত শতাধিক বিদ্যুৎ সংযোগকাৰী শ্ৰমিকৰ উপৰি কোকৰাঝাৰস্থিত বিদ্যুৎবিভাগৰ ক্ষেত্ৰীয় এ জি এম নৱদ্বীপ ৰায়, এন্নাৰপল সংস্থাৰ প্ৰৱন্ধক ৰাজেশ সিং আৰু বৈদ্যুতিক ঠিকাদাৰ হাবিবুল শ্বেখ উপস্থিত আছিল।
উল্লেখযোগ্য যে কোকৰাঝাৰ চহৰৰ ভাতাৰমাৰীত যোৱা ১১ ডিচেম্বৰত বৈদ্যুতিক ঠিকাদাৰৰ ভুলৰ পৰিণতিত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লোৱাৰ উপৰি তিনিজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। তদুপৰি জিলাখনৰ বিশমূৰী, ফকিৰাগ্ৰামৰ ৰাভাপাৰা আৰু ছালাকাটিৰ পুঠিয়াগাঁৱত এনে অনুৰূপ ঘটনাত চলিত বৰ্ষতে মুঠ পাঁচজনকৈ লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ উপৰি সাতজনকৈ লোক ঘূণীয়া হ’ব লগা হৈছিল।