• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহত অগপ নেতাৰ চিকিৎসা নকৰে দলে! দায়িত্ব ল’ব লগীয়া হ’ল অসম বিজেপিয়ে

তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন কোৱাৰ অধিকাৰ নাই, তেওঁ এতিয়া ক’ব লাগিব আই এম বদৰুদ্দিন: মমিনুল আৱল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2018 9:38 pm
BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বৰ্তমানলৈকে বিজেপিৰ মিত্ৰজোঁটত থকা অগপৰ অৱস্থা তেনেই তথৈবচ আৰু অগপৰ এই পৰাজয় নতশিৰে মানি লৈছে অগপ সভাপতি অতুল বৰাৰ লগতে অন্য নেতৃবৃন্দই। কিন্তু অগপৰ এই অৱস্থাতো দলটোৰ কটা ঘাঁত চেঙা তেল ঢালিবলৈ এৰা নাই বিজেপি নেতৃবৃন্দই।

উল্লেখ্য যে, কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনত অগপৰ একেবাৰে নিম্নগামী ফলাফলক কেন্দ্ৰ কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিল। লগতে মন্ত্ৰীগৰাকীয়ে অগপ দলক বিজেপিৰ বোকোচাত উঠি বিধানসভা নিৰ্বাচনত জয়ী হোৱা বুলি ইতিকিংসূচক মন্তব্য কৰি অগপক অলপ আত্ম-সমালোচনা কৰিবলৈ উনুকিয়াই দিছিল।

Apply Now

তাৰ পাছতেই অগপ দলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ‘আমি পোনপটীয়াকৈ ওলাই যাবলৈ নকওঁ, অগপই বিচাৰিলে মিত্ৰজোঁট ত্যাগ কৰি ওলাই যাওক’ বুলি অগপক নিজাববীয়াকৈ মিত্ৰতা ছেদ কৰিবলৈ উনুকিয়াই দিছিল।

মন কৰিবলগীয়া যে, অগপৰ এনে অৱস্থাত কটা ঘাঁত চেঙা তেল ঢলাত উঠি পৰি লাগিল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱাল।

এইবাৰ ৰেডক্ৰছৰ ধৰ্ম পালন কৰি  অসম গণ পৰিষদক চিকিৎসা সেৱা আগবঢ়োৱাৰ দায়িত্ব ল’লে আৱালে।

ইপিনে পঞ্চায়ত নিৰ্বাচনক একপ্ৰকাৰে যুদ্ধৰ সৈতে তুলনা কৰি আৱালে কয়, ‘অসম গণ পৰিষদ পঞ্চায়ত নিৰ্বাচনী যুদ্ধত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে।‘

শত্ৰুপক্ষৰ হ’লেও আঘাতপ্ৰাপ্ত সৈনিকক চিকিৎসা কৰাৰ দায়িত্ব লয় ৰেডক্ৰছে। এই কথাই উনুকিয়াই দি আৱালে কয়, ‘ৰেডক্ৰছৰ এটা নীতি আছে যে, শত্ৰুপক্ষৰ হ’লেও আঘাতপ্ৰাপ্ত সৈনিকজনক চিকিৎসা কৰিব লাগে।’

আৱালৰ মতে ‘অসম গণ পৰিষদ আঘাতপ্ৰাপ্ত পৰাজিত সৈনিক।‘

অগপৰ আঘাতপ্ৰাপ্ত নেতৃবৃন্দৰ চিকিৎসাৰ প্ৰয়োজন আছে বুলি এক ইতিকিংসূচক মন্তব্য কৰি আৱালে লগতে কয় ‘বিজেপি দলে ৰেডক্ৰছৰ নিয়মটো পালন কৰিম।‘

ইপিনে, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্য্যকলাপে সন্দহৰ বাতাবৰণ সৃষ্টি কৰিছে বুলি মহন্তক কটাক্ষ কৰে আৱালে।

লক্ষণীয় যে, পৰৱৰ্তী পৰ্য্যায়ত অগপ দলৰ সম্পৰ্কে নতুন নতুন তথ্য দাঙি ধৰিব বুলিও কয় আৱালে।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে ধৰি অন্য নেতাসকলৰ অগপক কৰা তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্যই অগপ দলক ধ্বংস কৰাৰ চক্ৰান্তত লিপ্ত হোৱা বুলিও সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰশ্ন হয়, ইমানখিনি অপমান সহ্য কৰি বৰ্তমানো কিদৰে মিত্ৰতাত খোপনি পুতি আছে অগপই?

আনহাতে, সংবাদমাধ্যমৰ আগত কংগ্ৰেছ দলকো সমালোচনা কৰিবলৈ নেৰিলে আৱালে।

আৱালৰ দাবী ‘কংগ্ৰেছে নামটো সলনি কৰি মুছলিম লীগ কৰিব লাগে।‘

‘বদৰুদ্দিন আজমলে সম্পূৰ্ণৰূপে এআইয়ুডিএফৰ ভোটখিনি কংগ্ৰেছৰ ওচৰত বিক্ৰী কৰিছে।‘ আজমলক কটাক্ষ কৰি এই মন্তব্য কৰে আৱালে।

‘তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন কোৱাৰ অধিকাৰ নাই, তেওঁ এতিয়া ক’ব লাগিব আই এম বদৰুদ্দিন।‘ তৰুণ গগৈক কটাক্ষ আৱালৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd