• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰবাসীৰ বাবে সুখবৰ : আৰম্ভ হ’ল ৩ টকীয়া বাইক যাত্ৰা, মোবাইল এপৰ দ্বাৰা লাভ কৰিব পাৰিব এই সেৱা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2018 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰবাসীৰ বাবে এক সু-খবৰ। কিয়নো অতি কম খচৰৰ লগতে কম সময়ৰ ভিতৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব। বাংগালুৰুৰ এক প্ৰতিষ্ঠান ‘ৰেপিড’ই আজিৰ পৰা আৰম্ভ কৰিলে বাইক টেক্সী সেৱা।

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সন্মুখৰ ৱাকিং জ’নত এই ৰেপিড’ সেৱাৰ শুভাৰম্ভণি কৰে শিক্ষা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

Apply Now

এই ৰেপিড’ সেৱাৰ শুভাৰম্ভণি কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ৰেপিড’ৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে হেলমেট ব্যৱহাৰৰ ক্ষেত্ৰত কোনোধৰণৰ শিথিলতা নানিবৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে বাইক ৰাইডাৰ্ছে হেলমেট ব্যৱহাৰ নকৰিলে তথা বাইকত যাত্ৰা কৰা যাত্ৰীক যদি হেলমেট যোগান ধৰিব নোৱাৰে তেন্তে সেই ৰাইডাৰ্ছৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰি দিয়া হ’ব বুলিও সকীয়াই দিয়ে মন্ত্ৰী ভট্টাচাৰ্য্যই।

মহানগৰবাসীয়ে অ’লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব। মটৰচাইকেলৰ দ্বাৰা উপলব্ধ হ’বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৰেপিড’ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।

ইয়াৰোপৰি, অসমত দ্বৈত হেলমেটৰ সুবিধাটো বৰ্তমানলৈকে হৈ উঠা নাই। গতিকে এক সামাজিক সচেতনতা সৃষ্টিৰ বাবে ৰেপিড’ই পোন প্ৰথমবাৰলৈ বাইকসমূহত দ্বৈত হেলমেটৰ ব্যৱস্থা কৰিছে। বাইকত যাত্ৰা কৰা যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেপিড’ই একোটাকৈ হেলমেটৰো ব্যৱস্থা কৰিছে বুলি সিদ্ধাৰ্থ সোণোৱালে জানিবলৈ দিয়ে।

লগতে কোনো যাত্ৰীয়ে হয়তো ৰেপিড’ই যোগান ধৰা হেলমেটটো পৰিধান কৰিবলৈ আপত্তি কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি একোখনকৈ এবাৰ ব্যৱহাৰ কৰিব পৰাকৈ কটনৰ কাপোৰ ৰখা হৈছে। কটনৰ কাপোৰখন পিন্ধি তাৰ ওপৰত হেলমেটটো পৰিধান কৰিব পাৰিব বুলি  সোণোৱালে কয়।

আনহাতে খুব কম খৰচতে যাত্ৰীসকলে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দি সোণোৱালে কয়, ‘দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিল’মিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব।‘

কাৰ্য্যালয়লৈ যোৱাৰ সময়ছোৱাত গুৱাহাটীত যান-জঁটৰ সৃষ্টি হোৱাটো নতুন কথা নহয়। কিন্তু এতিয়া চিটী বাছ অথবা অলা-ওবেৰত অহা-যোৱা কৰা যাত্ৰীসকলৰ বাবে চিন্তাৰ প্ৰয়োজন নাই। তেওঁলোকে চমু পথেৰে বাইকৰ জৰিয়তে গন্তব্য স্থানত কম সময়তে উপস্থিত হ’ব পাৰিব বুলি জানিব দিছে ৰেপিড’ই।

বৰ্তমানলৈকে কামৰূপ মেট্ৰ’ৰ স্থানীয় শতাধিক ৰাইডাৰছে নাম পঞ্জীয়ন কৰিছে তথা প্ৰথম অৱস্থাত ১০০ খন বাইকেৰে এই সেৱা আৰম্ভ কৰিব। বৰ্তমান মহিলা ৰাইডাৰছ ৰখা নাই যদিও দেশৰ অন্য মহানগৰসমূহত মহিলা ৰাইডাৰছো এই ৰেপিড’ৰ সৈতে জড়িত হৈ আছে বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd