ইউপিআই ব্যৱহাৰকাৰীৰ বাবে এক ভাল খবৰ। ২ অক্টোবৰত ‘No UPI Day’ পালনৰ ঘোষণা প্ৰত্যাহাৰ কৰা হৈছে। ২০০০ টকাৰ ওপৰৰ ইউপিআই পেমেণ্টৰ ওপৰত প্ৰস্তাৱিত ০.৪০% মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ)ৰ বিৰুদ্ধে ব্যৱসায়ীৰ এক বৃহৎ অংশই প্ৰতিবাদ কৰিছিল। ইয়াৰ প্ৰতিবাদত ২ অক্টোবৰত ইউপিআই ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছিল যদিও সেয়া আৰু নহয়।
সূত্ৰ অনুসৰি ব্যৱসায়িক সংস্থাৰ নেতাসকলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰাৰ পিছত এতিয়া এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে। কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা চান্দনী চ’কৰ সাংসদ প্ৰবীণ খাণ্ডেলৱালৰ নেতৃত্বত প্ৰায় ২০ জন জ্যেষ্ঠ ব্যৱসায়িক নেতাই বিত্তমন্ত্ৰীক সাক্ষাৎ কৰে। বৈঠকত ব্যৱসায়ীসকলে ২০০০ টকাৰ ওপৰৰ ইউপিআইৰ লেনদেনত ০.৪০% এমডিআৰ আৰোপ কৰাৰ প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰে।
ব্যৱসায়ীসকলে কয় যে ডিজিটেল পেমেণ্টৰ ব্যৱহাৰ অহৰহ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি প্ৰতিটো বৃহৎ ইউপিআই লেনদেনৰ বাবে দোকানীসকলৰ পৰা অতিৰিক্ত মাচুল আদায় কৰা হয় তেন্তে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীক ক্ষতি কৰিব পাৰে।
AICPDF আৰু AIMRAকে ধৰি একাংশ বাণিজ্যিক সংস্থাই ২ অক্টোবৰত ‘No UPI Day’ৰ আহ্বান জনাইছিল। উদ্দেশ্য UPI বন্ধ কৰা নাছিল, বৰঞ্চ প্ৰস্তাৱিত MDRৰ বিৰুদ্ধে চৰকাৰক নিজৰ মতামত প্ৰকাশ কৰাহৈ আছিল।
বিত্তমন্ত্ৰীৰ সৈতে আলোচনাৰ অন্তত এতিয়া দুয়োটা সংগঠনে আহ্বান প্ৰত্যাহাৰ কৰিছে। ব্যৱসায়ীসকলৰ মতে, চৰকাৰে তেওঁলোকৰ উদ্বেগক যথাযথভাৱে বিবেচনা কৰা হ’ব বুলি আশ্বাস দিছে।
এখন দোকানৰ গ্ৰাহকে যদি ইউ পি আইৰ জৰিয়তে ১০ হাজাৰ টকা দিয়ে, প্ৰস্তাৱিত ০.৪০% এমডিআৰ অনুসৰি এই মাচুলৰ পৰিমাণ প্ৰায় ৪০ টকা। বৃহৎ সংখ্যক ডিজিটেল পেমেণ্টক কাৰণে এই সৰু সৰু মাচুলৰ যোগেদি সামগ্ৰিক খৰচ বৃদ্ধি পাব পাৰে বুলি ব্যৱসায়ীসকল চিন্তিত। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায় আৰু কম লাভজনক সংস্থাসমূহৰ বাবে তেওঁলোকে নিশ্চিত কৰিব বিচাৰে যে তেওঁলোকৰ বাবে কোনো প্ৰত্যক্ষ খৰচ নোহোৱাকৈ ডিজিটেল পেমেণ্ট যাতে সহজে উপলব্ধ থাকে।



