অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত জিলাখনৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰি তোলা হয়।
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত তথা ডিগবৈ, মাৰ্ঘেৰিটা, পেঙেৰী, বৰডুমচা আৰু টিৰাপ জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে লিডু, ডিৰাক আৰু শদিয়াৰ আই টি আই শীঘ্ৰে মুকলি কৰা, জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয় আধুনিকীকৰণ কৰা আৰু চৰকাৰী চিকিৎসালয় সমূহত পৰ্যাপ্ত ঔষধ যোগান ধৰা আৰু উপযুক্ত চিকিৎসক, নাৰ্চ নিয়োগ কৰা, মাৰ্ঘেৰিটাৰ প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰা, জিলাখনৰ ৰজাঘৰীয়া কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰা, নিস্ক্ৰিয় হৈ থকা জলসিঞ্চন আঁচনিসমূহ শীঘ্ৰে কাৰ্যক্ষম কৰা, ডিৰাক চুমনি মথাউৰিৰ স্থায়ী সমাধান আৰু জিলাখনৰ বিভিন্ন ঠাইত হৈ থকা বান খহনীয়া ৰোধ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবী তোলে।
পিছত ধৰ্ণাস্থলীত ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ঝৰ্ণা পাটগিৰি উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ তেওঁৰ হাতত অৰ্পণ কৰে।
প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ভাগ লোৱা আজিৰ প্ৰতিবাদস্থলীৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই অসম চৰকাৰে অনতিপলমে তেওঁলোকৰ দাবীসমূহ কাৰ্য্যক্ষেত্ৰত ৰূপায়ণ নকৰিলে অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে।