• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

বিদেশী বিনিয়োগকাৰীৰ ধাৰাবাহিকভাৱে শ্বেয়াৰ বিক্ৰী, আমেৰিকাৰ বণ্ডৰ সুদৰ হাৰ বৃদ্ধি আৰু টকাৰ মূল্য হ্ৰাসে বজাৰত চাপৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 1, 2026 8:28 pm
99
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাহৰ আৰম্ভণিতে শ্বেয়াৰ বজাৰত ডাঙৰ জোকাৰণি। বৃহস্পতিবাৰে ব্যৱসায়ৰ মাজভাগত চেন্সেক্সৰ মূল্য ১০০০ পইণ্টতকৈ অধিক হ্ৰাস পোৱাৰ বিপৰীতে নিফটিৰ মূল্যও ২২,৩০০ পইণ্টৰ তললৈ নামি আহিছে।

কেইঘণ্টামানৰ ভিতৰতে বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য প্ৰায় ৯ লাখ কোটি টকা হ্ৰাস পায়। বিদেশী বিনিয়োগকাৰীৰ ধাৰাবাহিকভাৱে শ্বেয়াৰ বিক্ৰী, আমেৰিকাৰ বণ্ডৰ সুদৰ হাৰ বৃদ্ধি আৰু টকাৰ মূল্য হ্ৰাসে বজাৰত চাপৰ সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ চাপ হৈছে বিদেশী বিনিয়োগকাৰীয়ে ধন উলিয়াই নিয়া। ৩০ ছেপ্টেম্বৰত বিদেশী বিনিয়োগকাৰীয়ে এদিনতে ভাৰতীয় ষ্টকৰ পৰা প্ৰায় ১০,১৪৮ কোটি টকা উলিয়াইছিল। ছেপ্টেম্বৰ মাহত তেওঁলোকৰ মুঠ শ্বেয়াৰ বিক্ৰী প্ৰায় ৪৬ হাজাৰ কোটি টকা হয়। যোৱা দুটা ব্যৱসায়িক দিনত মুঠ বিক্ৰীৰ পৰিমাণ ২০ হাজাৰ কোটি টকাতকৈও অধিক।

Apply Now

শ্বেয়াৰ বজাৰৰ এটা অংশই বিশ্বাস কৰে যে বিদেশীসকলৰ এই প্ৰৱণতাৰ আঁৰত আছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতি। আমেৰিকাত বণ্ডৰ সুদ বৃদ্ধিৰ লগে লগে তুলনামূলকভাৱে নিৰাপদ সম্পত্তিত বিনিয়োগ আকৰ্ষণীয় হৈ পৰিছে। ফলত ভাৰতৰ দৰে উদীয়মান বজাৰ এৰি বিদেশী পুঁজিৰ ওলাই যোৱাৰ চাপ বাঢ়িছে।

বৃহস্পতিবাৰে আমেৰিকাৰ ১০ বছৰীয়া ট্ৰেজাৰী বণ্ডৰ সুদৰ হাৰ ৫.৩ শতাংশৰ ওপৰত বৃদ্ধি পায়। এই পৰিস্থিতিত আমেৰিকাৰ বণ্ডত বিনিয়োগ কৰি তুলনামূলকভাৱে অধিক ৰিটাৰ্ণ পোৱাৰ সুযোগে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ষ্টকৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। ইয়াৰ লগত যোগ হৈছে টকাৰ মূল্য হ্ৰাস।

বৃহস্পতিবাৰে ডলাৰৰ বিপৰীতে ৯৬ৰ সীমা অতিক্ৰম কৰিলে টকা। দিনটোৰ এটা সময়ত এটা ডলাৰ কিনিবলৈ প্ৰায় ৯৬.৩১ টাকা খৰচ হয়। বিদেশী বিনিয়োগকাৰীৰ বাবে যেতিয়া টকা কমি যায়, তেতিয়া ভাৰতীয় সম্পত্তিৰ ওপৰত ডলাৰৰ ৰিটাৰ্ণো কমি যায়। গতিকে তেওঁলোকে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে।

ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যও ভাৰতীয় বজাৰৰ বাবে এক অতিৰিক্ত চিন্তাৰ কাৰণ। ইৰাণৰ সংঘাত আৰু যোগানৰ অনিশ্চয়তাই ইন্ধনৰ মূল্য অস্থিৰ কৰি তুলিছে। তেলৰ দাম বৃদ্ধি হ’লে কোম্পানীসমূহৰ আমদানি ব্যয়, মূল্যবৃদ্ধি আৰু উৎপাদন ব্যয়ৰ ওপৰত হেঁচা পৰিব পাৰে।

এই সকলোবোৰে বজাৰৰ অস্থিৰতাত প্ৰভাৱ পেলাইছে। ভাৰতীয় বজাৰৰ অস্থিৰতা সূচকাংকও বৃদ্ধি পাইছে। ফলত বৃহস্পতিবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰে বিদেশী বিক্ৰী, বণ্ডৰ সুদ, মুদ্ৰাৰ দুৰ্বলতা আৰু তেলৰ অনিশ্চয়তা- চাৰিটা দিশৰ চাপত আন পুনৰ ডাঙৰ আঘাত লাভ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm
‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm
‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd