আপুনি কেতিয়াবা গোৱালপাৰাৰ কৃষ্ণাইলৈ আহিছেনে? যদি কেতিয়াবা আহে তেনেহলে কৃষ্ণাইৰ ৰাকেশ কেবিনৰ “বাখৰখনি” খাবলৈ নাপাহৰিব৷ এবিধ সুস্বাদু খাদ্য ‘বাখৰখনি’ৰ বাবে বিখ্যাত ৰাকেশ কেবিন।
গোৱালপাৰা জিলাৰ ভিতৰতে কৃষ্ণাইৰ ৰাকেশ কেবিনৰ এক সুকীয়া পৰিচয় আছে৷ সাধাৰণ হোটেল হৈও পৰিস্কাৰ-পৰিচ্চন্নতা তথা সুমধুৰ ব্যৱহাৰৰ বাবে ৰাকেশ কেবিন সম্প্ৰতি সৰ্বজনপ্ৰিয়৷ কৃষ্ণাইৰ মাজ-মজিয়াতে অৱস্থিত হোটেলখন বিভিন্ন সুস্বাদু মিঠাই তথা খাদ্য সামগ্ৰীৰে পৰিপূৰ্ণ হৈ থাকে যদিও ৰাকেশ কেবিন প্ৰধানতঃ বিখ্যাত ’বাখৰখনি’ৰ বাবে৷
বাখৰখনি হৈছে এবিধ পৰঠা আকৃতিৰ সুস্বাদু খাদ্য সামগ্ৰী৷ ময়দা আৰু ডালডাৰে বনাই ভাটাৰ এক নিৰ্দিষ্ট উত্তাপত সেকি প্ৰস্তুত কৰা হয় এই বাখৰখনি ৷ অতি সুস্বাদু এই খাদ্যবিধক হোটেল খনে তিনিটা শ্ৰেণীত দাম নিৰূপণ কৰিছে৷ ১২.০০ টকা, ২০.০০ টকা আৰু ৪০.০০ টকা মূল্যত বিক্ৰী হোৱা এই খাদ্যবিধ খাবলৈ বা ক্ৰয় কৰিবলৈ হোটেলখনত প্ৰতিদিনেই শ শ গ্ৰাহকে ভিৰ কৰে৷
দূৰ দূৰণিৰ লোকসকলেও কৃষ্ণাইলৈ আহিলে বাখৰখনিৰ সোৱাদ ল’বই৷ ইয়াৰ পৰা বাদ নপৰে অভিনেতা অভিনেত্ৰী সকলো৷ ভ্ৰাম্যমান জগতৰ বহু অভিনয় শিল্পীৰ লগতে আন আন বহুতো লোকে এই বাখৰখনিৰ বাবেই কৃষ্ণাইলৈ আহিলে ৰাকেশ কেবিনত এবাৰ পদাৰ্পণ কৰে৷
উল্লেখ যোগ্য যে এই খাদ্যবিধ প্ৰস্তুত কৰাৰ তিনি চাৰিদিন পিছতো ই খোৱাৰ বাবে উপযুক্ত হৈ থাকে৷ মাত্ৰ খাবৰ পৰত কিঞ্চিৎ গৰম কৰি ল’লেই ইয়াৰ তৈলাক্ত ভাবটো পুণৰ উভতি আহে৷ ৰাকেশ কেবিনৰ বৰ্তমানৰ স্বত্বাধিকাৰী ৰাজেশ বোসৰ ককাকে প্ৰতিষ্ঠা কৰা হোটেলখনত উপলব্ধ ব্যতিক্ৰমী বাখৰখনিয়ে এতিয়া শতায়ু গৰকাৰ পথত৷ তথাপিও এই সুস্বাদু খাদ্য জনপ্ৰিয়তা বিধৰ তিলমানোকমা নাই,বৰঞ্চ দিনে দিনে ইয়াৰ চাহিদা বাঢ়িহে আছে।