• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৰুদ্দিন আক্ৰান্ত সাংবাদিক এ আই ইউ দি এফৰে প্ৰাক্তন কৰ্মচাৰী!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2018 9:14 pm
Badruddin-abused Assam journalist is a former employee of AIUDF

আজমল আক্ৰান্ত সাংবাদিক কবীৰ মণ্ডল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে এ আই ইউ দি এফ মুৰব্বী বদৰুদ্দিন আজমলৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক কবীৰ মণ্ডল কাকতালীয়ভাৱে দলটোৰে এগৰাকী প্ৰাক্তন কৰ্মচাৰী।

অসমৰ ইতিহাসত নোহোৱা-নোপজা ধৰণৰ ঘটনাটো সন্দৰ্ভত নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা বিশেষ কথা-বাৰ্তাত বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে সাংবাদিক মণ্ডলে।

Apply Now

“২০১০ চনত এ আই ইউ ডি এফৰ গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত এটা চাকৰি কৰিছিলো। প্ৰচাৰ বিভাগৰ সৈতে জৰিত আছিলো। প্ৰথমতে ভাল দৰমহা দিম বুলি লৈ আহিছিল গুৱাহাটীলৈ। মোক ৪ হাজাৰ টকাকৈ দিছিল, মোৰ ৰুম ভাড়া আছিল ২০০০ টকা। ৪ হাজাৰ টকাৰে চলিব পৰা নাছিলো, সেয়েহে মই বেলেগ চাকৰি পোৱাত সেই  চাকৰি এৰি দিলো,” জনালে মণ্ডলে।

লগতে পঢ়ক– সাংবাদিকৰ মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি আজমলৰ ||Video||

সংবাদমেলখনত আজমলৰ আচৰণ আজিও দুৰ্বোধ্য হৈ আছে সাংবাদিকগৰাকীৰ বাবে।

আজমলে “পূৰ্বে কেতিয়াও এনেকুৱা আচৰণ কৰা নাছিল” বুলি সদৰী কৰি তেওঁ কয়, “আজিও যদি মই এ আই ইউ ডি এফ অফিচত যাওঁ, মোৰ লগত ভাল ব্যৱহাৰ কৰে সকলোৱে। কিন্তু সেই মানুহজনে কিয় মোক তেনেকুৱা ব্যৱহাৰ কৰিলে নাজানো।”

খৰ্গহস্ত আজমলৰ “টাৰ্গেট’’ হোৱাৰ আঁৰত সাংবাদিকজনে সন্দেহ কৰিছে দুটা কথাক— এ আই ইউ দি এফ নেতাজনৰ সমষ্টিত উন্নয়নৰ “ফোঁপোলা ছবি” উদঙাই বাতৰি পৰিৱেশন আৰু শেহতীয়া পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয়ভাৱে সাংবাদিকগৰাকীৰ পত্নীৰ প্ৰতিদ্বন্দ্বিতা।

“আজমলৰ বিৰুদ্ধে মই বহুসময়ত বাতৰি পৰিৱেশন কৰিছিলো। প্ৰতিদিন টাইম-ত তেওঁৰ সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছিলো। তেতিয়াৰ পৰা আজমলে মোক অলপ বেয়া চকুৰে চায়। দক্ষিণ শালমৰা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত আজমলৰ ‘মডেল ভিলেজ’ৰ কি অৱস্থা আছিল তাৰ ওপৰত বাতৰি কৰিছিলো,” জনালে মণ্ডলে।

লগতে পঢ়ক– আজমলক গ্ৰেপ্তাৰৰ দাবীত দিচপুৰ থানাত গোচৰ ডিমজাৰ

আনহাতে কবীৰৰ পত্নী জেস্মিনাৰা পাৰবিনে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত দক্ষিণ শালমৰা-মানকাচৰ জিলাত নিৰ্দলীয়ভাৱে আগবঢ়োৱা প্ৰতিদ্বন্দ্বিতা এ আই ইউ দি এফৰ পৰাজয়ৰ কাৰণ হৈ উঠাটোও আজমলৰ খৰ্গহস্ততাৰ আঁৰৰ ৰহস্য বুলি সন্দেহ কৰিছে মণ্ডলে।

“মোৰ পত্নী জেস্মিনাৰা পাৰবিনে দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ ৩ নং ফেকাবাৰী জিলা পৰিষদত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই জিলা পৰিষদটোত এ আই ইউ ডি এফৰ সমৰ্থন বেছি আছিল। কিন্তু মোৰ পত্নী নিৰ্দলীয় হিচাপে থিয় দিয়াৰ পাছতেই তেওঁলোকৰ ভোটৰ সংখ্যাটো কমি গ’ল। মোৰ পত্নীয়ে ৪ হাজাৰ ভোট পালে, যাৰ ফলত এ আই ইউ ডি এফ চতুৰ্থ স্থান পালেহি। এইটোৱো এটা কাৰণ হ’ব পাৰে মোক আক্ৰমণ কৰাৰ,” কবীৰৰ মন্তব্য।

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কোনো গোচৰ তৰা নাই সাংবাদিকজনে। ঘটনাটোৰ পিছত বুধবাৰে থানাত গোচৰ দিয়া বুলি সংবাদ মাধ্যমক জনাইছিল মণ্ডলে।

“ই টিভি কাৰ্য্যালয়ৰ ফালৰ পৰা কথা-পাতি সিদ্ধান্ত ল’ব গোচৰ দিব নে নাই। মোৰ ফালৰ পৰা দিয়া হোৱা নাই গোচৰ,” কবীৰৰ মন্তব্য।

আনহাতে সাংবাদিকগৰাকীৰ কৰ্মস্থল ই টিভি অসম-এ জনাই যে তেওঁলোকৰ ফালৰ পৰাও কোনো গোচৰ তৰা হোৱা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd