• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে নামকৰণ কৰিলে কংগ্ৰেছৰ দুখন চলচ্চিত্ৰৰ নাম, কি এই চলচ্চিত্ৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2018 10:50 pm
Muminul Awall

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল অৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

524
VIEWS
Share on FacebookShare on Twitter

এইবাৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই নামাকৰণ কৰিলে কংগ্ৰেছ দলৰ দ্বাৰা পৰিচালিত,  প্ৰযোজিত তথা নিবেদিত দুখন চলচ্চিত্ৰৰ নাম। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে আজি ৰাজহুৱাভাবে নামকৰণ কৰিলে চলচ্চিত্ৰ দুখনৰ নাম। চিনেমা দুখন ক্ৰমে ‘আগফালে মাৰো দাঙ, পাছফালে ধুবাং-বাং আৰু ‘আচলি-নকলি।‘

চলচ্চিত্ৰ দুখনৰ সৈতে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক, জ্যেষ্ঠ নেতৃবন্দই অভিনয় কৰিছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে আৱালে।

ইপিনে, চলচ্চিত্ৰ দুখনৰ মুখ্য চৰিত্ৰও বাছি উলিয়াই আৱালে। আৱালে দাবী কৰা মতে ‘আগফালে মাৰো দাঙ, পাছফালে ধুবাং-বাং’ নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। আনফালে, ‘আচলি-নকলি’ চিনেমাৰ দুটাকৈ মুখ্য চৰিত্ৰ আছে বুলি জনায় আৱালে। ‘সেই দুজন ক্ৰমে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

অৱশ্যে যোৱা ৭০ দশকৰে পৰা উক্ত চিনেমাৰ শ্বুটিং চলি আছে, ‘শেষ হোৱা নাই’ বুলি দাবী কৰি আৱালে লগতে কয়, ‘‘শ্বুটিংৰ কালছোৱাত কংগ্ৰেছে কেৱল অভিনয়ে কৰি আহিলে। তেওঁলোকে ভূৱা অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজকৰ কামো কৰি আছে।‘’

প্ৰণিধানযোগ্য যে, কালি বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে যুটীয়াভাৱে এখন সংবাদমেল সম্বোধন কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘এজন ৰাজনৈতিকভাৱে শিষ্টাচাৰ নথকা অভদ্ৰ ব্যক্তি’ বুলি অভিহিত কৰিছিল। তাৰ পাছত কংগ্ৰেছৰ ‘চলচ্চিত্ৰ’ৰ এইদৰে বিবৰণী তথা নামাকৰণ কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

আনহাতে, চলচ্চিত্ৰৰ প্ৰসংগ সামৰি তেওঁ কংগ্ৰেছ দলটোক পোনপটীয়া আক্ৰমণো কৰে।

আৱালৰ মতে ‘’তৰুণ গগৈয়ে যি বদৰুদ্দিন আজমলক শেষ কৰি দিয়াৰ কথা কৈছে, সেই বদৰুদ্দিন আজমলক ৰাহুল গান্ধীয়ে লগত লৈ তিনি ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সভাই সভাই ভ্ৰমণ কৰি ফুৰিছে।‘’

ইয়াৰোপৰি, ‘’কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ আচলতে আচৰিত আৰু অবান্তৰ কথা,‘’- বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত কয়।

‘’কুলি-কাউৰী তেওঁলোকেই সকলো।‘’ মোদীক কুলি চৰাই বুলি সম্বোধন কৰা কংগ্ৰেছী নেতাক এইদৰে উভতি ধৰে মুমিনুল আৱালে।

সেয়া যি কি নহওঁক, শুনাত ৰসাল হ’লেও বিজেপিয়ে ইতিমধ্যে নামাকৰণ কৰিলে কংগ্ৰেছৰ ‘চলচ্চিত্ৰৰ’ নাম। এতিয়া বিজেপিৰ দ্বাৰা নিবেদিত ‘চলচ্চিত্ৰ’ৰ নাম কংগ্ৰেছে কেনেদৰে কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

Recent News

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd