• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলিঙৰ ৰম্যভূমিলৈ পৰিণত বৰ্ষাপাৰা; প্ৰথম দিনাই পতন ঘটিল ২০টা উইকেটৰ

অসমে ১২৮ আৰু জম্মু-কাশ্মীৰে ১৪৪ ৰানত সামৰিলে প্ৰথম ইনিংছ, এটাও উইকেট নেহেৰুৱাই দ্বিতীয় ইনিংছত অসমৰ সংগ্ৰহ ৬ৰান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2018 5:10 pm
Guwahati- Ranji Trophy Assam

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৫ ডিচেম্বৰত সমাপ্ত হোৱা ৰঞ্জি ট্ৰফীৰ মেচত গোৱাক নাটকীয়ভাৱে পৰাস্ত কৰিবলৈ সক্ষম হোৱা ঘৰুৱা দল অসমে আজিৰ পৰা এলিট গ্ৰুপ চি’ৰ অন্য এখন গুৰুত্বপূৰ্ণ মেচত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত জম্মু-কাশ্মীৰে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথম ইনিংছ মুকলি কৰি পুনৰবাৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় অসম। ঘৰুৱা দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ ১২৮ ৰান।

Apply Now

দুৰ্ভাগ্যজনক কথাটো হ’ল যে অসমৰ শীৰ্ষৰ আঠগৰাকী বেটছমেনৰ ভিতৰত ছগৰাকী বেটছমেনেই দহকৰ ঘৰ স্পৰ্শ নকাৰকৈ পেভেলিয়নলৈ উভটি যায়। আগশাৰীৰ বেটছমেন কেইজনৰ ব্যৰ্থতাৰ বিপৰীতে ১০ আৰু ১১ নম্বৰত বেটিং কৰিবলৈ অহা মুখতাৰ হুছেইন আৰু মৃণ্ময় দত্তই ক্ৰিজত কিছু দৃঢ়তা দেখুৱাই দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰায়। মৃণ্ময় দত্তই ৩৫ আৰু মুখতাৰে ২৪ ৰান কৰিবলৈ সক্ষম হয়।

অসমৰ এই বেটিং বিপৰ্যয়ৰ মূলতে আছিল জম্ম-কাশ্মীৰৰ দুৰ্ধৰ্ষ বলিং আক্ৰমণ। জম্মু-কাশ্মীৰৰ হৈ ৰোহিত শৰ্মা আৰু উমাৰ নাজিৰ মিৰে তিনিটাকৈ আৰু ইৰফান পাঠান আৰি ৰাছিখ চালামে দুটাকৈ উইকেট দখল কৰে।

ইফালে ১২৮ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা জম্মু-কাশ্মীৰৰো বেটছমেন সকলে ৰানৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। আৰম্ভণিতে মুখতাৰ হুছেইনে অপেনাৰ আহমেদ বেণ্ডিক শূণ্যতে আউট কৰি আলহী দলটোক বেকফুটলৈ ঠেলি দিয়ে। ইয়াৰ পাছৰে পৰা মুখতাৰ হুছেইন আৰু অৰূপৰ বলিং যুটী অধিক আক্ৰমণাত্মক হয় আৰু আলহী দলটোক মাত্ৰ ১৪৪ ৰানতে অল আউট কৰে।

অসমৰ হৈ মুখতাৰ হুছেইনে ১৭ অভাৰত ৩৯ ৰান খৰছ কৰি ৫টা উইকেট, অৰূপ দাসে ৩টা আৰু পল্লৱ কুমাৰ দাসে এটা উইকেট লাভ কৰে। আনহাতে জম্মু-কাশ্মীৰৰ হৈ অপেনাৰ কামৰান ইকবালে ধৈৰ্য্যসহকাৰে বেটিং কৰি ৬৪ ৰান আৰু ইৰফান পাঠানে ৩৫ ৰান কৰাৰ বাহিৰে বাকী বেটছমেনসকল ব্যৰ্থ হোৱা পৰিলক্ষিত হয়।

ইপিনে ১৬ ৰানত পিছ পৰি থকা অসমে দ্বিতীয় ইনিংছ আৰম্ভ কৰি এটাও উইকেট নেহেৰুৱাই প্ৰথম দিনাৰ খেলৰ অন্তলৈকে ৬ ৰান সংগ্ৰহ কৰে। দুয়োগৰাকী অপেনাৰে ১ ৰানকৈ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

উল্লেখ্য যে বলিং ৰম্যভূমিলৈ পৰিণত হোৱা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমদিনাই ২০টাকৈ উইকেট পতন হোৱা কাৰ্যই স্বাভাৱিকতে ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd