• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিঙৰ ৰম্যভূমিলৈ পৰিণত বৰ্ষাপাৰা; প্ৰথম দিনাই পতন ঘটিল ২০টা উইকেটৰ

অসমে ১২৮ আৰু জম্মু-কাশ্মীৰে ১৪৪ ৰানত সামৰিলে প্ৰথম ইনিংছ, এটাও উইকেট নেহেৰুৱাই দ্বিতীয় ইনিংছত অসমৰ সংগ্ৰহ ৬ৰান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2018 5:11 pm

2 min read

Guwahati- Ranji Trophy Assam

ফাইল ফটো

378
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৫ ডিচেম্বৰত সমাপ্ত হোৱা ৰঞ্জি ট্ৰফীৰ মেচত গোৱাক নাটকীয়ভাৱে পৰাস্ত কৰিবলৈ সক্ষম হোৱা ঘৰুৱা দল অসমে আজিৰ পৰা এলিট গ্ৰুপ চি’ৰ অন্য এখন গুৰুত্বপূৰ্ণ মেচত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত জম্মু-কাশ্মীৰে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথম ইনিংছ মুকলি কৰি পুনৰবাৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় অসম। ঘৰুৱা দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় মাত্ৰ ১২৮ ৰান।

দুৰ্ভাগ্যজনক কথাটো হ’ল যে অসমৰ শীৰ্ষৰ আঠগৰাকী বেটছমেনৰ ভিতৰত ছগৰাকী বেটছমেনেই দহকৰ ঘৰ স্পৰ্শ নকাৰকৈ পেভেলিয়নলৈ উভটি যায়। আগশাৰীৰ বেটছমেন কেইজনৰ ব্যৰ্থতাৰ বিপৰীতে ১০ আৰু ১১ নম্বৰত বেটিং কৰিবলৈ অহা মুখতাৰ হুছেইন আৰু মৃণ্ময় দত্তই ক্ৰিজত কিছু দৃঢ়তা দেখুৱাই দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰায়। মৃণ্ময় দত্তই ৩৫ আৰু মুখতাৰে ২৪ ৰান কৰিবলৈ সক্ষম হয়।

অসমৰ এই বেটিং বিপৰ্যয়ৰ মূলতে আছিল জম্ম-কাশ্মীৰৰ দুৰ্ধৰ্ষ বলিং আক্ৰমণ। জম্মু-কাশ্মীৰৰ হৈ ৰোহিত শৰ্মা আৰু উমাৰ নাজিৰ মিৰে তিনিটাকৈ আৰু ইৰফান পাঠান আৰি ৰাছিখ চালামে দুটাকৈ উইকেট দখল কৰে।

ইফালে ১২৮ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা জম্মু-কাশ্মীৰৰো বেটছমেন সকলে ৰানৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। আৰম্ভণিতে মুখতাৰ হুছেইনে অপেনাৰ আহমেদ বেণ্ডিক শূণ্যতে আউট কৰি আলহী দলটোক বেকফুটলৈ ঠেলি দিয়ে। ইয়াৰ পাছৰে পৰা মুখতাৰ হুছেইন আৰু অৰূপৰ বলিং যুটী অধিক আক্ৰমণাত্মক হয় আৰু আলহী দলটোক মাত্ৰ ১৪৪ ৰানতে অল আউট কৰে।

অসমৰ হৈ মুখতাৰ হুছেইনে ১৭ অভাৰত ৩৯ ৰান খৰছ কৰি ৫টা উইকেট, অৰূপ দাসে ৩টা আৰু পল্লৱ কুমাৰ দাসে এটা উইকেট লাভ কৰে। আনহাতে জম্মু-কাশ্মীৰৰ হৈ অপেনাৰ কামৰান ইকবালে ধৈৰ্য্যসহকাৰে বেটিং কৰি ৬৪ ৰান আৰু ইৰফান পাঠানে ৩৫ ৰান কৰাৰ বাহিৰে বাকী বেটছমেনসকল ব্যৰ্থ হোৱা পৰিলক্ষিত হয়।

ইপিনে ১৬ ৰানত পিছ পৰি থকা অসমে দ্বিতীয় ইনিংছ আৰম্ভ কৰি এটাও উইকেট নেহেৰুৱাই প্ৰথম দিনাৰ খেলৰ অন্তলৈকে ৬ ৰান সংগ্ৰহ কৰে। দুয়োগৰাকী অপেনাৰে ১ ৰানকৈ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

উল্লেখ্য যে বলিং ৰম্যভূমিলৈ পৰিণত হোৱা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমদিনাই ২০টাকৈ উইকেট পতন হোৱা কাৰ্যই স্বাভাৱিকতে ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd