• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱবৰ্ষৰ প্ৰাক্ক্ষণত ‘এলেহুৱা’ অসমীয়া যুৱকক ৰাজপথ এৰি ‘কৃষিমুখী’ হোৱাৰ আহ্বান জীতেন দত্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 30, 2018 8:12 pm
41678548_964749617046304_5943067795049676800_n

অৰ্থনৈতিক সংগ্ৰামৰ নেতৃত্ব লৈ আলোচনাপন্থী আলফা নেতা জিতেন দত্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ক্ষণত ‘এলেহুৱা’ অসমীয়া জাতিৰ যুৱকক ৰাজপথ এৰি কৃষিমুখী হ’বৰ বাবে আহ্বান জনাইছে যুদ্ধবিৰতিত থকা আলফা নেতা জীতেন দত্তই। নতুন বছৰক আদৰিবলৈ মাজত মাথোঁ এটা দিন থকা সময়তে নৰ্থ ইষ্ট নাওৰ সৈতে দত্তৰ এক টেলিফোনিক সাক্ষাৎকাৰত অসমৰ খিলঞ্জীয়া যুৱকসকলক ‘উৎপাদনমুখী’ হ’বলৈয়ো অনুৰোধ জনাইছে আলফা নেতাজনে।

‘অসমীয়া ইমান এটা এলেহুৱা তথা আন্দোলনমুখী জাতি হৈ পৰিল যে বৰ্তমানৰ যুৱকে কষ্ট কৰিব নোৱাৰে। গতিক ‘অৰ্থনৈতিকভাৱে বজাৰখন খিলঞ্জীয়াৰ হাতলৈ আনিবৰ বাবে কিছুদিন লাগিব,‘-এইদৰে কয় দত্তই।

Apply Now

উল্লেখ্য যে, যোৱা ২৮ জুলাইৰ দিনা খিলঞ্জীয়া যুৱকসকলক স্ব-নিৰ্ভৰশীল’ কৰাৰ উদ্দেশ্য আগত ৰাখি আলোচনাপন্থী আলফা নেতা জীতেন দত্ত, মৃণাল হাজৰিকা, প্ৰবাল নেওগকে ধৰি অন্য বহুকেইগৰাকীৰ নেতৃত্বত  ‘অসম সুৰক্ষা উন্নয়ন পৰিষদ’ নামৰ এক অনুষ্ঠানৰ জন্ম হৈছিল।

ইতিমধ্যে প্ৰায় ১০ হাজাৰ শিক্ষিত নিবনুৱা যুৱকে এই ‘অৰ্থনৈতিক সংগ্ৰামত সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে। অৱশ্যে, দত্তৰ মতে অৰ্থনৈতিক সংগ্ৰামখনত ’১০ হাজাৰ যুৱক’ পৰ্য্যাপ্ত নহয়। ৰাজ্যৰ খিলঞ্জীয়া যুৱকসকলক তেওঁলোকৰ এই সংগ্ৰামৰ প্ৰতি সঁহাৰি দিবৰ বাবে আহ্বান জনাই তেওঁ লগতে কয়, ‘’অৰ্থনৈতিক সংগ্ৰামত অসমৰ যুৱকখিনিক জড়িত কৰিব নোৱাৰিলে সমস্তই বহিৰাগতৰ হাতলৈ গুচি যাব।‘‘

ইপিনে, চাকৰিমুখী যুৱকসকলে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিও কোম্পানীৰ চাকৰিৰ বাবে হাতে হাতে ফাইল লৈ দুৱাৰে দুৱাৰে ঘুৰি ফুৰাতকৈ ‘তেওঁলোকে কেনেকৈ নিজৰ ঘৰৰ মাটিখিনি সৎব্যৱহাৰ কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰে, সেই কথা চিন্তা নকৰে‘ বুলি দত্তই আক্ষেপ কৰে।

‘’তেনেকুৱা যুৱকখিনিক পৰিৱৰ্তন কৰিবলৈ আমাৰ অলপ সময় লাগিব, তথাপি আমি অহা ৩-৪ বছৰৰ ভিতৰত অসমৰ বজাৰ দখল কৰি পৰিৱৰ্তন আনিব পাৰিম,‘’- খিলঞ্জীয়াৰ অধীনলৈ ৰাজ্যৰ বজাৰসমূহ অনা সন্দৰ্ভত দত্তৰ এই মন্তব্য।

তদুপৰি, অৰ্থনৈতিক সংগ্ৰামখনত খিলঞ্জীয়া যুৱশক্তিক লগত লৈ স্বাৱলম্বী কৰাৰ লগতে বজাৰসমূহ দখল কৰিবৰ বাবে চেষ্টা চলাই থকা হৈছে বুলিও দত্তই আমাক জানিবলৈ দিয়ে।

আনহাতে, দুবিধ সামগ্ৰীৰ অতি সোনকালে বজাৰ দখল কৰিব পাৰি বুলি সদৰী কৰি দত্তই লগতে কয়, সেই দুটা হ’ল ‘মাছ’ আৰু ‘কণী’।

‘’মাছৰ কাৰণে অসমত বিল-পুখুৰী অজস্ৰ আছে। বিজ্ঞানসন্মত পদ্ধতিৰে মাছৰ উৎপাদন কৰিলে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা চালানী মাছ বন্ধ কৰিব পাৰি,’‘- দত্তই এইদৰে কয়।

অসমত দৈনিক হিচাপত প্ৰয়োজন হয় প্ৰায় ডেৰকোটি কণীৰ। অসমত উৎপাদন হোৱা কণীখিনিয়ে স্বাভাৱিবিকতে এই অভাৱ দূৰ কৰিব নোৱাৰে। এই সন্দৰ্ভত দত্তই কয়, ‘’যদি অসমতেই কণীখিনি উৎপাদন কৰিব পৰা যায়, তেন্তে যুৱকসকল স্বাৱলম্বী হোৱাৰ উপৰিও বাহিৰৰ পৰা অহা কণীৰ ঠাইখিনি থলুৱা কণীয়ে পূৰণ কৰিব পাৰিব।‘’

আনহাতে, গামোচাৰ ক্ষেত্ৰত থলুৱাভাৱে প্ৰস্তুত কৰাৰ বিষয়টোও এই ‘অৰ্থনৈতিক সংগ্ৰামে’ সামৰি লোৱাৰ কথা সদৰী কৰে দত্তই। দত্তই কয়, ‘’মহিলাখিনিক লগত লৈ গামোচা বোঁৱা-কটাৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে।‘’

প্ৰসংগক্ৰমে, উল্লেখ কৰিব পাৰি যে, ইতিমধ্যে এই সংগ্ৰামৰ সৈতে জড়িত হৈ দুলীয়াজানৰ পুতুল সোণোৱালে কঠালগুৰি গাঁৱত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে ২৫০০ কুকুৰাৰ এখন ফাৰ্ম। এই ফাৰ্মখনে দুলীয়াজানত দৈনিক হিচাপত প্ৰয়োজন হোৱা ৫০০০-৭০০০ কণীৰ চাহিদা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে জীতেন দত্তই। লগতে জাগীৰোডতো সমবায় ভিত্তিত মনহা আঞ্চলিক সমবায় সমিতিয়ে ২৮ বিঘা মাটি লীজত লৈ তামোল, নেমু, অমিতা, ষ্ট্ৰ’বেৰী ইত্যাদি খেতি কৰাৰ লগতে ১৫০ বিঘা মাটিত সৰিয়হ খেতি কৰাৰ উপৰিও মাছ পালনো আৰম্ভ কৰিছে।

ইয়াৰোপৰি, তিনিচুকীয়াৰ চাবুৱাৰ চহিদ বজাৰতো নন্দিনী হেণ্ডলুম চেন্টাৰেও এই সংগ্ৰামৰ অংশীদাৰ হৈ আৰম্ভ কৰিছে পাট, মূগা, টচ,পদ্মিনী আদি বিভিন্ন প্ৰকাৰৰ উন্নত মানদণ্ডৰ চাদৰ মেখেলা তথা গামোচা উৎপাদনৰ কাম।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd