বিজেপি, আৰ এছ এছ, নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালে কৰা বিশ্বাসঘাতকতাত ক্ষুভিত আৰু হতাশগ্ৰস্ত হৈ পৰিছে ৰাজ্যৰ ৭০ টাকৈ জাতীয় সংগঠন। সেয়েহে কাইলৈৰ পৰা সমগ্ৰ অসম জুৰি অতিকৈ ভয়াবহ আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’ব সংগঠনকেইটাই। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা সদৰী কৰে সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তথা ৭০ টা সংগঠনৰ অন্যতম নেতা ৰুবুল দাসে।
উল্লেখ্য যে, মঙ্গলবাৰে কাজিৰঙাৰ অৰ্কিড উদ্যানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলন কাৰ্য্যসূচী সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই অংশগ্ৰহণো কৰে।
উক্ত বৈঠকতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ টা সংগঠনৰ আন্দোলনৰ কাৰ্য্যসূচীত আলোচনাপন্থী আলফাৰ সম্পূৰ্ণৰূপে সমৰ্থন থাকিব বুলি সদৰী কৰে। এই কথা আমাৰ সাংবাদিকক দাসে জনায়।
‘’যি মুহূৰ্তত আলোচনাপন্থী আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলি আছে, সেই আলোচনাকো কেৰেপ নকৰি আলফা নেতা অনুপ চেতিয়াই অংশগ্ৰহণ কৰে উক্ত বৈঠকত। তেওঁ বৈঠকত কৈছিল যে যদি কিবা কাৰণত আলফা-চৰকাৰৰ আলোচনাও বিফল হৈ যায় তথাপি মৰণপণ যুঁজ দিব আলোচনাপন্থী আলফাই,‘’ দাসে আমাৰ আগত এইদৰে কয়।
ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ স্বাৰ্থত যিকোনো পৰিস্থিতিৰ বাবে ৭০ টা সংগঠনৰ প্ৰতিনিধিসকল সাজু হৈ উঠিছে। এই কথা জানিবলৈ দি দাসে লগতে কয়, ‘‘পৰিস্থিতি সাপেক্ষে গুলী খাবলৈও সাজু হৈ আছে ৭০ টা সংগঠনৰ নেতৃবৃন্দ।‘’
আনকি, প্ৰশাসন যন্ত্ৰটো অচলাৱস্থাৰ সন্মুখীন হ’বলৈ সাজু থাকক বুলি হুংকাৰ দিয়ে ৭০ টা সংগঠনৰ নেতাজনে।
‘প্ৰয়োজন সাপেক্ষে আত্মজাহৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিব ৭০ সংগঠনৰ নেতৃবৰ্গই,‘’- এই হুংকাৰ দাসৰ।
সৰ্বতোপ্ৰকাৰৰ বল প্ৰয়োগ কৰি হ’লেও এই বিলখন গৃহীত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব। সকলো নেতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি ৭০ টাকৈ জাতীয় সংগঠনৰ নেতৃবৃন্দই ‘মৰণপণ সংগ্ৰাম’ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে জাতীয় দল-সংগঠনসমূহ।
ইপিনে, ৭০ টা সংগঠনৰ নেতা দাসে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি কয়, “বিধেয়কৰ বিৰুদ্ধে অসমত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ’লেও আমাৰ কোনো কুন্ঠাবোধ নাথাকিব। এতিয়াৰ পৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিজকে পৰাধীন দেশৰ নাগৰিক হিচাপে গণ্য কৰা উচিত।‘’
তাৎপৰ্যপূৰ্ণভাৱে, চহিদ বৰণ কৰি হ’লেও এনেধৰণৰ জাতিধ্বংসী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি ৭০ টা সংগঠনৰ হৈ দাসে হুংকাৰ দিয়ে।
মঙ্গলবাৰৰ বৈঠকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াকে আদি কৰি অন্য সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি তেওঁলোকে কেতবোৰ প্ৰস্তাৱ আগবঢ়ায়। সেইবোৰ পৰ্য্যালোচনা কৰি কাইলৈ গুৱাহাটীত ঘোষণা কৰিব ‘ভয়াবহ আন্দোলনৰ’ কাৰ্য্যসূচী।