• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“Awesome Assam মানে কেৱল প্ৰিয়ংকা চোপ্ৰা নেকি?” জুবিনৰ কটাক্ষলৈ ছ’চিয়েল মিডিয়াত ব্যাপক সমৰ্থন

বিজেপিৰ জাতি-মাটি-ভেটি শ্ল’গান'কো উপলুঙা জনপ্ৰিয় শিল্পীজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2019 10:06 am
Zubeen at Charaideo

৪ জানুৱাৰিৰ নিশা চৰাইদেউ মহোৎসৱৰ সংগীতানুষ্ঠানত জুবিন গাৰ্গ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৪ জানুৱাৰিত সমাপ্ত হোৱা দ্বিতীয় চৰাইদেউ মহোৎসৱৰ অন্তিম নিশা সংগীতানুষ্ঠানৰ মাজতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাৰ নাম সাঙুৰি পৰ্য্যটন বিভাগক কৰা ক্ষুৰধাৰ সমালোচনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  হাজাৰ হাজাৰ য়ুজাৰে বিভিন্ন উৎসত থকা এই ভিডিঅ’টো শ্বেয়াৰ কৰি জুবিনলৈ সমৰ্থন আগ বঢ়াইছে।

“জুবিনে যি কৈছে, তাত সত্যতা আছে”, এজন য়ুজাৰে তেওঁৰ কমেণ্টত কয়। আন এজনে লিখিছে “এশ শতাংশই সত্য কথাই কৈছে”।

Apply Now

“আজিৰ দিনত অসমত উচিত কথা কোৱা এজনেই মানুহ আছে,তেওঁ হৈছে জুবিন।” আন এজনৰ মন্তব্য।

উল্লেখযোগ্য যে ৪ জানুৱাৰিৰ ৰাতি চৰাইদেউৰ সংগীতানুষ্ঠানটোৰ সময়ত জনপ্ৰিয় শিল্পীজনে বিশেষকৈ অসম পৰ্য্যটনে নিৰ্মাণ কৰা ইয়াৰ অছ’ম আছাম (Awesome Assam) শীৰ্ষক বিজ্ঞাপনটো সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। তেওঁ বিজ্ঞাপনটোত অসমৰ বাঘ, হাতী, গঁড়, গিবন আদিৰ পৰিৱৰ্তে প্ৰিয়ংকা চোপ্ৰাহে থকা বুলি কয়। “অছ’ম আছাম মানে প্ৰিয়ংকা চোপ্ৰা নেকি?” প্ৰশ্ন শিল্পীজনৰ।

তেওঁ আন কিছুমান ৰাজ্যৰ পৰ্য্যটন বিভাগৰ কামৰ উদাহৰণ দাঙি ধৰি কৈছিল, “মণিপুৰ চৰকাৰৰ ইমান ধুনীয়া, কেৰালাৰ ইমান ধুনীয়া। আমাৰ অকল প্ৰিয়ংকা চোপ্ৰা।”

নিজৰ স্বাভৱসুলভ বাকভংগিৰে শিল্পীজনে কয়, “মই যি কওঁ সঁচা কওঁ, চিধা কওঁ। এই অছ’ম আছাম যে প্ৰিয়ংকা চোপ্ৰা কিয় ওলাল কিয় তাত? প্ৰিয়ংকা চোপ্ৰা ক’ৰ পৰা সোমালহি? তেখেত গঁড়ো নহয়, বাঘো নহয়।”

“প্ৰিয়ংকা চোপ্ৰা থাকক, একো নাই। কিন্তু কেৱল তেওঁ ওলাই থাকিলেই নহ’ব নহয়। আমাৰ গঁড়টো ওলাব লাগিব, বাঘটো ওলাব লাগিব, ধনেশ পক্ষীটো ওলাব লাগিব, গিবনটো ওলাব লাগিব।” জুবিনে কয়।

গিবনকেইটাই হাতত কমলা খায়। মই জানো। মই জংঘলৰ লগততো। এইবোৰ প্ৰিয়ংকা চোপ্ৰাই নাজানে, যিকেইটাই বনাইছে সেইকেইটায়ো নাজানো।”

“ঠিক আছে, লওক বাৰু। লৈছে বেয়া পোৱা নাই। কিন্তু অকল তেওঁকে দেখুৱাই থাকিলে। বাকী একো নেদেখুৱালে। অছ’ম আছাম মানে প্ৰিয়ংকা চোপ্ৰা নেকি?” জুবিনৰ প্ৰশ্ন।

তাৰ পিছতে তেওঁ কয়, “টুৰিজম ডিপাৰ্টমেণ্টক কওঁ, যিটো বনাইছে, সেইটো ঘেণ্টা, ঘেণ্টা বনাইছে।”, “মই গঁড় পোহা মানুহ”।

“এইবোৰ বিভাগ আমাৰ দৰে মানুহক চম্ভালিবলৈ দিব লাগে।” বুলি কৈ পুনৰ স্পষ্ট কৰে, “কেতিয়াও মই ৰাজনীতিত নাহো। কিন্তু এইবোৰ কৰাৰ বাবে আমি যোগ্য মানুহ।”

আনহাতে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীকো সমালোচনা কৰে শিল্পীজনে। “পৰমানন্দ ৰাজবংশীয়ে লেকচাৰ দিলে বহুত দেৰি আৰু মোক বহুৱাই থ’লে ডেৰ ঘণ্টা।” জুবিনৰ অভিযোগ।

“তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ’ল। ‘জুবিন আমাৰ পইচা-পাতি নাই। সাহিত্য সভা।’ মোক ক’লে। মই ক’লো, ‘ঠিক আছে, পইচা নালাগে বাৰু।‘

মই এঘণ্টা এনেয়ে গান গালো। তাৰ পাছত এটা মস্ত পেকেট দিছে। মই কিতাপ দিছে বুলি ভাবিছো। ঘৰলৈ লৈ গ’লো। পুৱা সেইটো খুলি দেখিছো, মুলতানী মিত্তি, ফেশ্ব ৱাছ।”

“মোৰ খং উঠাৰ কাৰণ আছে। মই আজিহে পৰমানন্দ ৰাজবংশীক ডাইৰেকটলি গালি পাৰিছো। মই ডাইৰেকটলি গালি পাৰো চবকে।” জুবিনে কয়।

আনহাতে ‘জাতি-মাটি-ভেটি শ্ল’গান’কো উপলুঙা কৰে শিল্পীজনে। জাতি-মাটি-ভেটিৰ পিছত এইটো থাকিবগৈ বুলি তেওঁ নিজৰ টিকাটো দেখুৱায় শিল্পীজনে।

উল্লেখযোগ্য যে অসমৰ পৰ্য্যটন বিভাগে বনোৱা অছ’ম আছাম (Awesome Assam) শীৰ্ষক বিজ্ঞাপনটোক লৈ পূৰ্বেও বহুজনে সমালোচনা কৰিছিল। বিজ্ঞাপনটোত অসমৰ পৰ্য্যটন ক্ষেত্ৰৰ বিভিন্ন ঐশ্বৰ্য্যবোৰ দেখুওৱাৰ ঠাইত প্ৰিয়ংকা চোপ্ৰাৰ বিভিন্ন মুহূৰ্তবোৰহে দেখুওৱা হৈছে বেছিকৈ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd