• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপই মিত্ৰতা ভংগ কৰিলে বিজেপিৰ সৈতে; দিল্লীত দলৰ নেতৃত্বৰ আনুষ্ঠানিক ঘোষণা

প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে অগপই: জাতিৰ স্বাৰ্থত নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতাত মিত্ৰতা ত্যাগ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 7, 2019 3:48 pm
AGP Presedent ATUL BORA
1.7k
VIEWS
Share on FacebookShare on Twitter

অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আঞ্চলিক দল অগপই আজি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিলে। আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে সদনত দাখিল কৰাৰ পিছতে দলটোৰ দিল্লীত থকা শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্তটো লয়। দিল্লীত ৰাজনাথ সিঙৰ লগত বৈঠকৰ অন্তত মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপৰ নেতৃত্বই।

উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে দলৰ নেতৃত্বই এই সিদ্ধান্তৰ ইংগিত দিছিল আৰু কেৱল ঘোষণাটোহে বাকী আছিল।

দলটোৰ এজন শীৰ্ষ নেতা প্ৰফুল্ল কুমাৰ মহন্তই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই অনুষ্ঠিত কৰা ‘ধিক্কাৰ দিৱস’তো এই ইংগিত দিছিল।

অৱশ্যে নিজেই নিশ্চিত ঘোষণাটো নিদিয়াৰ যুক্তি আগ বঢ়াই মহন্তই কয় যে দলৰ সভাপতি, সাধাৰণ সম্পাদক আৰু আন কেইজনমান বিষয়ববীয়াইহে এই ঘোষণাটো কৰিব পাৰে।

“মই ঘোষণাটো কৰাৰ বাবে উপযুক্ত মানুহ নহয়। দলে সিদ্ধান্ত লৈছে আৰু দলৰ উপযুক্ত বিষয়ববীয়াই এই ঘোষণাটো কৰিব পাৰে।” মহন্তই সভাত উপস্থিতসকলক কয়।

উল্লেখযোগ্য যে আজি ধিক্কাৰ দিৱসত উপস্থিত এগৰাকীয় মহিলাই মহন্তক প্ৰশ্ন কৰিছিল, “আপোনালোকে কেতিয়া বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি ৰাইজৰ মাজলৈ ওলাই অহাৰ খবৰটো পাম?” তাৰ প্ৰত্যুত্তৰতে মহন্তই এই ইংগিত দিয়ে।

ইপিনে বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ দিল্লীত থকা দলটোৰ পাঁচজন শীৰ্ষ নেতাই মিত্ৰতা ভংগৰ চূড়ান্ত সিদ্ধান্ত লয় নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিবেদন সংসদত দাখিলৰ পিছতে। দলটোৰ নেতৃত্বই তাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, অগপই যোৱা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় দলটোৰ সৈতে মিত্ৰতা কৰাৰ পিছত চৰকাৰৰ অংশীদাৰ হৈ আছিল। আজি ভংগ কৰাৰ আগলৈকে প্ৰায় আঢ়ৈ বছৰ টিকি আছিল এই মিত্ৰতা। কিন্তু শেহতীয়াকৈ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আনি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱাত ইয়াৰ প্ৰতিবাদ কৰি আহিছে অসমৰ আঞ্চলিক দলটোৱে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd