অসমবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আঞ্চলিক দল অগপই আজি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিলে। আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে সদনত দাখিল কৰাৰ পিছতে দলটোৰ দিল্লীত থকা শীৰ্ষ নেতৃত্বই এই চূড়ান্ত সিদ্ধান্তটো লয়। দিল্লীত ৰাজনাথ সিঙৰ লগত বৈঠকৰ অন্তত মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপৰ নেতৃত্বই।
উল্লেখযোগ্য যে আজি কেইঘণ্টামানৰ পূৰ্বে দলৰ নেতৃত্বই এই সিদ্ধান্তৰ ইংগিত দিছিল আৰু কেৱল ঘোষণাটোহে বাকী আছিল।
দলটোৰ এজন শীৰ্ষ নেতা প্ৰফুল্ল কুমাৰ মহন্তই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই অনুষ্ঠিত কৰা ‘ধিক্কাৰ দিৱস’তো এই ইংগিত দিছিল।
অৱশ্যে নিজেই নিশ্চিত ঘোষণাটো নিদিয়াৰ যুক্তি আগ বঢ়াই মহন্তই কয় যে দলৰ সভাপতি, সাধাৰণ সম্পাদক আৰু আন কেইজনমান বিষয়ববীয়াইহে এই ঘোষণাটো কৰিব পাৰে।
“মই ঘোষণাটো কৰাৰ বাবে উপযুক্ত মানুহ নহয়। দলে সিদ্ধান্ত লৈছে আৰু দলৰ উপযুক্ত বিষয়ববীয়াই এই ঘোষণাটো কৰিব পাৰে।” মহন্তই সভাত উপস্থিতসকলক কয়।
উল্লেখযোগ্য যে আজি ধিক্কাৰ দিৱসত উপস্থিত এগৰাকীয় মহিলাই মহন্তক প্ৰশ্ন কৰিছিল, “আপোনালোকে কেতিয়া বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি ৰাইজৰ মাজলৈ ওলাই অহাৰ খবৰটো পাম?” তাৰ প্ৰত্যুত্তৰতে মহন্তই এই ইংগিত দিয়ে।
ইপিনে বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ দিল্লীত থকা দলটোৰ পাঁচজন শীৰ্ষ নেতাই মিত্ৰতা ভংগৰ চূড়ান্ত সিদ্ধান্ত লয় নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিবেদন সংসদত দাখিলৰ পিছতে। দলটোৰ নেতৃত্বই তাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন বৈঠকত মিলিত হৈছিল।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, অগপই যোৱা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় দলটোৰ সৈতে মিত্ৰতা কৰাৰ পিছত চৰকাৰৰ অংশীদাৰ হৈ আছিল। আজি ভংগ কৰাৰ আগলৈকে প্ৰায় আঢ়ৈ বছৰ টিকি আছিল এই মিত্ৰতা। কিন্তু শেহতীয়াকৈ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আনি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱাত ইয়াৰ প্ৰতিবাদ কৰি আহিছে অসমৰ আঞ্চলিক দলটোৱে।