আছু আৰু নেছ’ আহ্বায়িত উত্তৰ-পূব বন্ধত চুবুৰীয়া ত্ৰিপুৰাত “খিলঞ্জীয়াক গুলীচালনা”ৰ উদাহৰণেৰে ভোগালী বিহুক কেৱল উৎসৱ উদযাপনৰ সময়ৰূপে নলৈ “ভাৰতীয় দখলদাৰি”ত্বৰ বিৰুদ্ধে একতা আৰু সমমৰ্মিতা প্ৰদৰ্শনৰ উপলক্ষ হিচাপে ল’বলৈ অসমৰ “থলগিৰী”ক আহ্বান জনাইছে আলফা (স্বাধীন)এ।
“ভাৰতীয় দখলদাৰিত্বই অসম তথা পশ্চিম দক্ষিণ পূব এছিয়াত চৰম সীমা অতিক্ৰম কৰিছে। সকলোতে দখলদাৰী বিৰোধী প্ৰতিবাদ হৈছে। এতিয়া একতা তথা সমমৰ্মিতা প্ৰদৰ্শনৰ সময়, কেৱল উৎসৱ উদযাপনৰ নহয়,” ত্ৰিপুৰাত খিলঞ্জীয়াক গুলীচালনাৰে আহত কৰাৰ উদাহৰণ দাঙি ধৰি এই আহ্বান নিষিদ্ধ সংগঠনটোৰ সভাপতি অভিজিৎ অসমৰ।
অসমবাসীৰ আদৰৰ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত সকলোলৈকে বিহুৰ ওলগ যাচি বিহুটিক কেৱল ৰং ৰহইচৰ উৎসৱ হিচাপে নলৈ “জাতীয় চেতনাৰ উন্মেষৰ উৎসৱ”ৰূপে পালন কৰিবলৈ আহ্বান জনাইছে বিদ্ৰোহী সংগঠনটোৱে।
লগতে পঢ়ক– গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ: গৰজি উঠিল আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা
লগতে পঢ়ক– Video|| শিৰত ‘ৰাষ্ট্ৰদ্ৰোহ’ লৈ প্ৰথম প্ৰতিক্ৰিয়া ৮০ বছৰীয়া হীৰেন গোহাঁইৰ
“বিজতৰীয়া ভাৰতীয় সংস্কৃতিৰ সলনি গণচেতনাৰ উন্মেষকাৰী গীত-নৃত্যৰ মাজেৰে অসমৰ সমূহ প্ৰতিবাদী আৰু সংগ্ৰামী জনতাৰ মনোবল বৃদ্ধি কৰাতো এইবাৰ ভোগালীয়েই হওক অফুৰন্ত প্ৰেৰণাৰ উৎস,’’ আশা আলফা (স্বাঃ)ৰ।