শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি সকীয়নি দিয়া বৰাকৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই। দত্ত ৰয়ৰ বিৰুদ্ধে গুৱাহাটী পাণবজাৰ থানাত ছাত্ৰ সংগঠনটোৱে এজাহাৰ দিয়ে।
এজাহাৰ দাখিল কৰাৰ উপৰি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই দত্ত ৰয়ৰ এনে বিভেদমূলক মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ বিজেপি নেতাজনক ভৱিষ্যতে এনে ধৰণৰ মন্তব্য নকৰিবৰ বাবেও সকীয়াই দিয়ে।
“বৰাক উপত্যকা-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভেদ আনি দত্ত ৰয়ে যি মন্তব্য দিছে, সেই মন্তব্যৰ আমি তীব্ৰভাষৰে গৰিহণা দিছো।” এইদৰে কয় কলিতাই।
তেওঁ লগতে কয় যে বিজেপিৰ নেতাজনৰ এনে বক্তব্যৰ ফলত অসম বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ-ছাত্ৰীসকল চৰম নিৰাপত্তাহীনতাত ভুগিছে।
ইয়াৰোপৰি প্ৰাঞ্জল কলিতাই অসম চৰকাৰক দাবী জনাই সাধাৰণ সম্পাদকজনে কয়, “এইগৰাকী ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ত কৰি শাস্তিৰ ব্যৱস্থা কৰিব লাগে। অন্যথা সমগ্ৰ অসমৰ ছাত্ৰ সমাজে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম।”
উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত যোৱা ৯ জানুৱাৰিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এটা ভিডিঅ’যোগে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক সকীয়নি দিছিল বিজেপিৰ নেতাজনে। ভিডিঅ’টোত তেওঁ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে শিক্ষা ল’বৰ বাবে নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছিল।
অৱশ্যে পাণবজাৰ থানাই আমাক জানিবলৈ দিয়ামতে এজাহাৰখন পাইছে যদিও এই পৰ্য্যন্ত তাৰ ভিত্তিত গোচৰ ৰুজু হোৱা নাই।
নগাওঁ আৰু গোলাঘাটতো গোচৰ ৰুজু
নগৱঁৰ পৰা মিণ্টু দাস : শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ একাংশ ছাত্রই ৯ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত আন্দোলন কৰা বাবে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্তৰয়ে অসমীয়া ছাত্র-ছাত্রীক বিশ্ববিদ্যালয়খনত ভৱিষ্যতে নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি ভাবুকি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।
দত্তৰয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্ৰহণৰ মানৱাধিকাৰ খৰ্ব কৰি বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা অসমীয়া ছাত্র-ছাত্রীসকলক ভাবুকি প্ৰদান কৰা, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোবাৰ অভিযোগ তুলিয আজি নগাঁও সদৰ থানাত বিজেপি নেতাজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। পৰিষদে দত্তৰায়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।
ইপিনে খবৰমতে, উক্ত মন্তব্যৰ বাবে বৰাকৰ বিজেপি নেতাজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত দুৰ্নীতি বিৰোধী ঐক্যমঞ্চ, অসমে এটা গোচৰ ৰুজু কৰিছে।
আলফা নেতা প্ৰবাল নেওগৰ ভৰ্ৎসনা
আলফা নেতা প্ৰবাল নেওগেও আজি সংবাদ মাধ্যমৰ আগত প্ৰদীপ দত্তৰয়ক কঠোৰ সমালোচনা কৰে। “প্ৰদীপ দত্তৰয় নামৰ এই অসমীয়া ছাত্ৰ-ছাত্ৰীক অসম বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ ক’ত সাহস পালে?” বুলি প্ৰশ্ন কৰে আলফা নেতাজনে।
তেওঁ চৰকাৰক প্ৰদীপ দত্তৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় কয়, “সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা প্ৰদীপ দত্তৰয় নামৰ এই নেতাজনক অতি শীঘ্ৰে চৰকাৰে গ্ৰেপ্তাৰ কৰক। আজিৰ তাৰিখতে আজিৰ দিনটোৰ ভিতৰত অসম চৰকাৰে গোচৰ ৰুজু কৰক”। নেওগে ক্ষোভতে প্ৰদীপ দত্তৰয়ক ‘এই কুকুৰটো’ বুলিও কয়।