• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটনিয়ানৰ থানাত এজাহাৰ বিতৰ্কিত বিজেপি নেতা প্ৰদীপ দত্তৰয়ৰ বিৰুদ্ধে

ক'ত অধিকাৰ পালে অসমীয়া ল'ৰা-ছোৱালীক শিলচৰত নিষিদ্ধ কৰিবলৈ : প্ৰবাল নেওগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2019 7:07 pm
Founder-ACKHSA-President-Pradip-Dutta-Roy-calls-for-seperate-Barak-once-again-750x375

প্ৰদীপ দত্ত ৰয়ৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি সকীয়নি দিয়া বৰাকৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই। দত্ত ৰয়ৰ বিৰুদ্ধে গুৱাহাটী পাণবজাৰ থানাত ছাত্ৰ সংগঠনটোৱে এজাহাৰ দিয়ে।

এজাহাৰ দাখিল কৰাৰ উপৰি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই দত্ত ৰয়ৰ এনে বিভেদমূলক মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ বিজেপি নেতাজনক ভৱিষ্যতে এনে ধৰণৰ মন্তব্য নকৰিবৰ বাবেও সকীয়াই দিয়ে।

Apply Now

“বৰাক উপত্যকা-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভেদ আনি দত্ত ৰয়ে যি মন্তব্য দিছে, সেই মন্তব্যৰ আমি তীব্ৰভাষৰে গৰিহণা  দিছো।” এইদৰে কয় কলিতাই।

Cotton Student Union
বিজেপি নেতা প্ৰদীপ দত্তৰয়ৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই দিলে এজাহাৰ।

তেওঁ লগতে কয় যে বিজেপিৰ নেতাজনৰ এনে বক্তব্যৰ ফলত অসম বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ-ছাত্ৰীসকল চৰম নিৰাপত্তাহীনতাত ভুগিছে।

ইয়াৰোপৰি প্ৰাঞ্জল কলিতাই অসম চৰকাৰক দাবী জনাই সাধাৰণ সম্পাদকজনে কয়, “এইগৰাকী ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ত কৰি শাস্তিৰ ব্যৱস্থা কৰিব লাগে। অন্যথা সমগ্ৰ অসমৰ ছাত্ৰ সমাজে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম।”

উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত যোৱা ৯ জানুৱাৰিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এটা ভিডিঅ’যোগে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক সকীয়নি দিছিল বিজেপিৰ নেতাজনে। ভিডিঅ’টোত তেওঁ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে শিক্ষা ল’বৰ বাবে নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিছিল।

অৱশ্যে পাণবজাৰ থানাই আমাক জানিবলৈ দিয়ামতে এজাহাৰখন পাইছে যদিও এই পৰ্য্যন্ত তাৰ ভিত্তিত গোচৰ ৰুজু হোৱা নাই।

নগাওঁ আৰু গোলাঘাটতো গোচৰ ৰুজু

নগৱঁৰ পৰা মিণ্টু দাস : শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ একাংশ ছাত্রই ৯ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত আন্দোলন কৰা বাবে বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্তৰয়ে অসমীয়া ছাত্র-ছাত্রীক বিশ্ববিদ্যালয়খনত ভৱিষ্যতে নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি ভাবুকি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে।

দত্তৰয়ে ছাত্র-ছাত্রীৰ শিক্ষা গ্ৰহণৰ মানৱাধিকাৰ খৰ্ব কৰি বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা অসমীয়া ছাত্র-ছাত্রীসকলক ভাবুকি প্ৰদান কৰা, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোবাৰ অভিযোগ তুলিয আজি নগাঁও সদৰ থানাত বিজেপি নেতাজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। পৰিষদে দত্তৰায়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

ইপিনে খবৰমতে, উক্ত মন্তব্যৰ বাবে বৰাকৰ বিজেপি নেতাজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত দুৰ্নীতি বিৰোধী ঐক্যমঞ্চ, অসমে এটা গোচৰ ৰুজু কৰিছে।

আলফা নেতা প্ৰবাল নেওগৰ ভৰ্ৎসনা

আলফা নেতা প্ৰবাল নেওগেও আজি সংবাদ মাধ্যমৰ আগত প্ৰদীপ দত্তৰয়ক কঠোৰ সমালোচনা কৰে। “প্ৰদীপ দত্তৰয় নামৰ এই অসমীয়া ছাত্ৰ-ছাত্ৰীক অসম বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ ক’ত সাহস পালে?” বুলি প্ৰশ্ন কৰে আলফা নেতাজনে।

তেওঁ চৰকাৰক প্ৰদীপ দত্তৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় কয়, “সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা প্ৰদীপ দত্তৰয় নামৰ এই নেতাজনক অতি শীঘ্ৰে চৰকাৰে গ্ৰেপ্তাৰ কৰক। আজিৰ তাৰিখতে আজিৰ দিনটোৰ ভিতৰত অসম চৰকাৰে গোচৰ ৰুজু কৰক”। নেওগে ক্ষোভতে প্ৰদীপ দত্তৰয়ক ‘এই কুকুৰটো’ বুলিও কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd