• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰ নিষ্ঠুৰতাৰ নিদৰ্শন! ঐতিহাসিক জয়সাগৰ পুখুৰীত শতাধিক পক্ষীৰ মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 11, 2019 10:56 pm
Migratory birds

জয়সাগৰ পুখুৰীত মৃত্যু হোৱা পৰিভ্ৰমী পক্ষী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক জয়সাগৰ পুখুৰীত চৰিবলৈ অহা শতাধিক পক্ষীয়ে মানুহৰ নিৰ্মমতাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া এটা ঘটনাই অঞ্চলটোৰ সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমীক মৰ্মাহত কৰি তুলিছে।

পুখুৰীটোলৈ দৈনিক হাজাৰ হাজাৰ জলচৰ পক্ষী, বিশেষকৈ বনৰীয়া হাঁহ আহে যদিও আজি প্ৰায় শতাধিক পক্ষীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ কৰুণ দৃশ্য দেখা পায় দাঁতিকাষৰ মানুহে।

আজি ৰাতিপুৱা ঐতিহাসিক পুখুৰীটোত এইদৰে জাকে জাকে পৰিভ্ৰমী চৰাইবোৰৰ মৃত্যু হোৱা দেখি হতবাক হয় স্থানীয় ৰাইজ।

স্থানীয় ৰাইজে অনুমান কৰামতে, একাংশ দুষ্টলোকে মাংসৰ লোভত চৰাইবোৰ চৰি থকা ঠাইত ধান আদিৰ  লগত ফুৰাদন নামৰ এবিধ বিষাক্ত ঔষধ মিহলাই আলহী পক্ষীসমূহ নিধন কৰে। এইদৰে পক্ষীসমূহ ধৰি মাংস হিচাপে বিক্ৰী কৰি বহুতে এক ৰমৰমীয়া ব্যৱসায় কৰি আহাৰ অভিযোগো আনে স্থানীয় ৰাইজে।

এই বিষয়ে বহুবাৰ বনবিভাগক জনোৱাৰ পিছতো কোনো কাৰ্য্য ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত নহ’ল বুলি স্থানীয় ৰাইজে অভিযোগ আনে। “বনবিভাগৰ অৱহেলাৰ বাবেই জয়সাগৰ পুখুৰীত আজি এই দৰে জাক জাক পৰিভ্ৰমী পক্ষীৰ মৃত্যু হয়।” এজন স্থানীয় লোকে কয়।

ইফালে ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনক সাংবাদিকে অৱগত কৰাৰ তিনি ঘণ্টাৰ পাছতো জয়সাগৰ পুখুৰীত উপস্থিত হবলৈ সময় নোলাল এজনো প্ৰশাসনিক বিষয়াৰ। যাৰ বাবে সাংবাদিকৰ দল এটাই স্থানীয় ৰাইজৰ সহায়ত পক্ষীসমূহ উদ্ধাৰ কৰে।

বহু পলমকৈহে পিছত বন বিভাগৰ দুজনমান কৰ্মচাৰী আৰু চিকিৎসকৰ দল এটা উপস্থিত হৈ বহুকেইটা পক্ষী জীৱিত অৱস্থাত উদ্ধাৰ কৰা পক্ষী সমুহ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও ভালে সংখ্যক আলহী পক্ষীৰ ইতিমধ্যে মৃত্যু হয়।

উল্লেখযোগ্য যে এছিয়াৰ ভিতৰতে বিখ্যাত জয়সাগৰ পুখুৰীটোৰ পানীত প্ৰতি বছৰে শীতকালত হাজাৰ হাজাৰ বনৰীয়া পৰিভ্ৰমী চৰাইবোৰ সাঁতুৰি-নাদুৰি বিয়লি ঘৰমুৱা হয়। সুদূৰ অষ্ট্ৰেলিয়া, চাইবেৰিয়া, নিউজিলেণ্ড আদিৰ পৰা অহা এই আলহী পক্ষীসমূহ শিৱসাগৰৰ শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, পহুগড়, দিচাংমুখ, ডিমৌমুখ, পানীদিহিং পক্ষী অভয়াৰণ্য আদিত শীতকালত আহি বাহৰ পাতেহি। কিন্তু দুষ্ট লোকসকলে ইয়াৰ সুযোগ লৈ পক্ষীবোৰ ব্যাপক হাৰত নিধন কৰে। বন বিভাগে ইয়াৰ বিৰুদ্ধে আজিলৈকে দৃঢ় পদক্ষেপ নোলোৱাত পক্ষীকূললৈ সংকট নামি আহিছে।

শীতৰ লগে লগে অসমলৈ হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে যদিও এতিয়াও অসমৰ মানুহ বন্ধুসুলভ হৈ উঠা নাই চৰাইবোৰৰ প্ৰতি। বৰং চৰাইবোৰক এতিয়াও সহজলভ্য মাংস হিচাপে জ্ঞান কৰিবলৈ এৰা নাই।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd