নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত যোৱা ১১ জানুৱাৰিৰ পৰা গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰি অসুস্থ হৈ গোলাঘাট চিকিৎসালয়ত ভৰ্তি হৈ থকা ছাত্ৰ নেতা তিনিজনৰ আজি স্বাস্থ্যৰ বুজ লয় গৌৰৱ গগৈয়ে।
আজি পুৱা গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সাংসদ গৰাকী ছাত্ৰ নেতা তিনিজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হোৱাত ছাত্ৰ নেতা তিনিজনে জাতি ধ্বংসী বিধেয়কখনৰ বিৰোধিতাৰে ৰাজ্যসভাত কংগ্ৰেছক সবল স্থিতি ল’বলৈ আহ্বান জনায়। আৰু সাংসদ গগৈয়ে ছাত্ৰ নেতা তিনিজনৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ৰাজ্যসভাত বিধেয়কখনৰ প্ৰৱল বিৰোধিতা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি ১১ জানুৱাৰিৰ পৰা গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে অনশন কৰি অসুস্থ হৈ পৰাত ছাত্ৰ নেতা তিনিনজক ১৩ জানুৱাৰিত কাৰাগাৰ কৰ্তৃপক্ষই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল।
অসুস্থ হৈ পৰা ছাত্ৰ নেতা তিনিজন ক্ৰমে চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ ৰাজীৱ লস্কৰৰ সমৰ্থনত বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃত্ব থিয় দিছে।





