মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰচাৰ- প্ৰসাৰ আৰু প্ৰাণৱন্ত ৰূপত গতিশীল কৰি ৰখাৰ উদ্দেশ্যে বৰপেটাত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চতুৰ্থ সংখ্যক ভাওনা সমাৰোহ ৷
ভাওনা সমাৰোহ সমিতি বৰপেটাৰ উদ্যোগত বৰপেটাৰ নহাটীস্থিত বাছ আস্থানৰ মথুৰাপুৰী ৰংগক্ষেত্ৰত অনুষ্ঠিত এই ভাওনা সমাৰোহ শুকুৰবাৰে পুৱা ৯ বজাত মথুৰাপুৰী ৰংগক্ষেত্ৰৰ দ্বাৰ উদ্ঘাটনেৰে শুভাৰম্ভ কৰা হয় ৷ দ্বাৰ উদ্ঘাটন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসে ৷
পুৱা ৯-১৫ বজাত ভাওনা সমাৰোহ সমিতিৰ ধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহ সমিতিৰ সভাপতি, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ পুৱাৰ ভাগতে সমাৰোহ স্থলীৰ অস্থায়ী নামঘৰত গুৰুআসন প্ৰতিষ্ঠা,পুৱাৰ প্ৰসংগ,গায়ন বায়নৰ প্ৰসংগ, স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত দুপৰীয়া ১২ বজাত মঞ্চ মণ্ডপ মুকলি কৰা হয় ৷
বিয়লি ৩ বজাত সত্ৰীয়া শিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলিৰ পাছত ৪ বজাত ভাওনা সমাৰোহৰ উদ্বোধনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই সভাতে স্মৃতিগ্ৰন্থ “ৰংগাৱন” উন্মোচন কৰা হয় ৷
শুকুৰবাৰে প্ৰথম দিনা প্ৰদৰ্শিত হোৱা ভাওনা দুখন হল ক্ৰমে লখিমপুৰৰ গোঁসাইপুখুৰীৰ শংকৰজ্যোতি প্ৰগতি সংঘৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “ৰুক্মিনী হৰণ ” আৰু যোৰহাটৰ মঞ্জুলা কলা কেন্দ্ৰৰ মাতৃভাষাৰ ভাওনা “হৰিশ্চন্দ্ৰ উপাখ্যান “৷
আনহাতে, আজি দিনৰ ভাগত অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়া দুখন ভাওনা ক্ৰমে থুল দক্ষিণহাটী বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ” কালীয় দমন ” আৰু গোলাঘাটৰ মণিকাঞ্চন কলা নিকেতনৰ মহিলা শিল্পী দলৰ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মহিলা ভাওনা “পাৰিজাত হৰণ” প্ৰদৰ্শিত হ’ব ৷
তিনিদিনীয়াকৈ সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহৰ অহা ২০ জানুৱাৰিত সামৰণি পৰিব ৷