• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক অসমৰ পৰা ‘বাঙালী খেদাৰ ষড়যন্ত্ৰ’ আখ্যা বৰাকৰ বাঙালী সমাজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 7:26 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৱল অসমৰে নহয়, পশ্চিম বংগৰ বাঙালী সমাজকো অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰোধিতাৰ বাবে লগত টানি আনিবলৈ ওলাইছে বৰাকৰ বাঙালী সমাজ। জানিব পৰা মতে অসমৰ বৰাক উপত্যকাৰ কিছু সংখ্যক বুদ্ধিজীৱী, ৰাজনৈতিক নেতা তথা সমাজকৰ্মী-শিক্ষাবিদে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক অসমৰ বাঙালী সমাজৰ বিৰুদ্ধে যোৱা বুলি দেখুৱাই ইয়াৰ বিৰুদ্ধে সমগ্ৰ বাঙালী জাতিক জাগৃত কৰিবলৈ এক সন্মিলনৰ আয়োজন কৰিছে।

এই সন্মিলন আয়োজন কৰা হৈছে কলকাতাত। অহা ১২ জানুৱাৰিত কলকাতাত হ’ব লগীয়া উক্ত সন্মিলনখনত মুখ্য বক্ত হিচাপে উপস্থিত থাকিব অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তপোধীৰ ভট্টাচাৰ্য্য। আনহাতে বৈঠকৰ আহ্বায়ক হ’ল ক্ৰমে হেমেন্দু বিকাশ চৌধুৰী আৰু নীতীশ বিশ্বাস। তেওঁলোকৰ দ্বাৰা স্বাক্ষৰিত প্ৰচাৰ পত্ৰখনত লিখা হৈছে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত আকৌ বাঙালী বিতাড়নৰ ভয়ংকৰ চক্ৰান্ত আৰম্ভ হৈছে। সভাখনত সভাপতিত্ব কৰিব সৰ্বভাৰতীয় বাংলা ভাষা মঞ্চৰ সভাপতি ড০ ডি কে সিনহাই। সভাখনত পশ্চিম বংগৰো কেইবাজনো নেতাই অংশ গ্ৰহণ কৰিব বুলি জনোৱা হৈছে।

Apply Now

উল্লেখযোগ্য যে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰ্য্যৱেক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিকৰ মন্তব্যৰ পিছতে অসমৰ বৰাক উপত্যকাৰ বাঙালীসকলো সৰব হোৱাৰ লগতে প্ৰতিবাদমুখী হৈ পৰা দেখা পোৱা গৈছে। অতি শেহতীয়াকৈ বাৰাকৰ এগৰাকী উল্লেখযোগ্য নেত্ৰী তথা ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবেও এন আৰ চি প্ৰক্ৰিয়াই অসমৰ বৰাক উপত্যকাৰ বাঙালীসকলক বৈষম্যৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তুলিছিল আৰু এন আৰ চিৰ পৰা বাঙালীসকলৰ নাম ইচ্ছাকৃতভাৱে বাদ দিয়া বুলিও গুৰুতৰ অভিযোগ আনিছিল। আনকি যোৱা দুদিন পূৰ্বে বৰাকত এন আৰ চি প্ৰক্ৰিয়াটোৰ এনে বৈষম্যৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্য্যসূচী উলিওৱা হৈছিল। তাত সুস্মিতা দেবকে ধৰি প্ৰাক্তন মন্ত্ৰী অজিত সিঙেও অংশগ্ৰহণ কৰিছিল। লগতে উপত্যকাটোৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে এই প্ৰতিবাদলৈ নৈতিক সমৰ্থন আগ বঢ়াইছিল।

ইয়াৰ বিপৰীতে তথা সমান্তৰালভাৱে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী সকলে মমতাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক সংগতভাৱেই গ্ৰহণ কৰা দেখা গৈছে।

অৱশ্যে শেহতীয়া এক তথ্য অনুসৰি অসমত মমতাৰ উচটনিমূলক মন্তব্যৰ প্ৰতিবাদ কৰি দেখুওৱা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেইশ্যন নামৰ বাঙালী সংগঠনটোৱে একে ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ খবৰ পোৱা গৈছে। সংগঠনটোৱে যোৱা ৯ নৱেম্বৰত কলকাতাত সংবাদমেল পাতি বাঙালী লোকসকল এন আৰ চি প্ৰক্ৰিয়াৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল। সংগঠনটোৰ উপদেষ্টা চিত্ত পাল আৰু সভাপতি দীপক দেই তাত ভাষণ দিয়াৰ লগতে তেওঁলোক দুজনে মমতা বেনাৰ্জীকো বিষয়টো সন্দৰ্ভত লগ কৰিছিল।

কিন্তু অসমত মমতাৰ মন্তব্যক লৈ প্ৰতিবাদৰ ধুমুহা উঠাৰ পিছতে সংগঠনটোৱে নিজৰ অসমপ্ৰীতি প্ৰদৰ্শন কৰি মমতাৰ মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে অসমত বাঙালীসকল শান্তি-সম্প্ৰীতিৰে বাস কৰি আছে বুলি বিবৃতি দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd