• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলা সমিতি, কৰ্মচাৰী পৰিষদ, শিক্ষক সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাট; ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
January 30, 2019 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধয়েক বাতিলৰ দাবীত আজিও উত্তপ্ত হৈ থাকে গোলাঘাট নগৰৰ ৰাজপথ। আজি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ আৰু গোলাঘাট জিলা মহিলা সমিতিয়ে ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১১ বজাৰ পৰা  জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীয়ে বিয়লি দুই বজা পৰ্যন্ত সমগ্র এলেকা উত্তপ্ত কৰি ৰাখে।

বিধেয়কৰ বিৰোধিতাৰে কৰ্মচাৰী পৰিষদৰ তিনিশৰো অধিক সদস্যই প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে। কৰ্মচাৰীসকলে জাতিধ্বংসী বিধয়েকখন গৃহীত হ’লে বিভিন্ন চৰকাৰী বিভাগৰ পৰা অসমীয়া জাতি অস্তিত্বহীন হৈ পৰিব বুলি মন্তব্য কৰে।

Apply Now

প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে বিধেয়ক বাতিলৰ দাবী জনায়। ধৰ্মঘটৰ অন্তত এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। পৰিষদৰ সভাপতি ৰূপজ্যোতি ফুকন আৰু সম্পাদক কৰুণা কান্ত ৰাজবংশীৰ নেতৃত্বত অনুষ্ঠিত সভাত বিভিন্ন দল-সংগঠনৰ নেতাই অংশ গ্ৰহণ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

আনহাতে একেদৰে ত্ৰিমূৰ্তি ক্ষেত্ৰৰ সন্মুখত গোলাঘাট জিলা মহিলা সমিতিয়েও প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ লগতে আছু, আমছু, পেঞ্চনাৰ সন্থা আদিয়ে সহযোগ কৰে।

‘নাৰীশক্তি আহিছে ওলাই দেশদ্রোহীৰ নিস্তাৰ নাই’ এই শ্ল’গান লৈ একত্ৰিত হোৱা সমিতিয়ে ‘অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, ‘৭১ পিছৰ এজনো বাংলাদেশীৰ বোজা লোৱা নহ’ব’ বুলি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

প্ৰায় দুঘণ্টীয়া উক্ত কাৰ্যসূচীৰ পিছতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ, ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ : 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি বিয়লি প্ৰায় তিনি বজাত অসম কলেজ শিক্ষক সন্থাৰ অন্তৰ্গত গোলাঘাট মণ্ডলৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট মণ্ডলৰ সভাপতি পবিত্ৰ মহন্ত আৰু সম্পাদক প্ৰেমকান্ত বৰাৰ নেতৃত্বত ৰাজপথলৈ ওলাই অহা শিক্ষকসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদী শ্ল’গান দিয়ে। ইয়াৰ পিছতে বিধয়েকখন বাতিলৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd