• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে অসম? ভাৰত সন্দৰ্ভত অশনি সংকেত এমেৰিকান চোৰাংচোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2019 11:03 pm
US spymaster’s warning for clash has more relevance in AssamDan-Coats-750x375

দেন ক’টছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কক লৈ অসমৰ প্ৰতিবাদী খিলঞ্জীয়া সংগঠন আৰু শাসক বিজেপিৰ মাজত অতি শেহতীয়াকৈ সংঘাতে দেখা দিয়াৰ সময়তে ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষৰ অশনি সংকেতেৰে মঙলবাৰে এমেৰিকাৰ ছিনে’টত প্ৰতিবেদন দাখিল কৰিছে দেশখনৰ শীৰ্ষতম চোৰাংচোৱা বিষয়াই।

কেন্দ্ৰৰ শাসনাধীন বিজেপিয়ে “হিন্দুত্ব”ক বিষয়ৰূপে ল’লে আসন্ন ’১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা কৰিছে সকলো মাৰ্কিন চোৰাংচোৱা সংস্থাৰ মুৰব্বী নেচনেল ইন্তেলিজেন্সৰ সঞ্চালক দেন ক’তছে। শীৰ্ষ বিষয়াজনৰ প্ৰতিবেদনত অসমৰ উল্লেখ নাই যদিও বিধেয়কবিৰোধী সাম্প্ৰতিক পৰিস্থিতিয়ে অসমকো সেই দিশলৈ ঠেলি নিব নেকি?

বিধেয়ককে ধৰি শেহতীয়াকৈ কেন্দ্ৰই লোৱা কেইবাটাও সিদ্ধান্তক লৈ ব্যাপক অস্থিৰতা বিৰাজ কৰিছে ৰাজ্যখনত।

শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে নলবাৰীত আছু কৰ্মীক প্ৰহাৰৰ অভিযোগ উঠাৰ বিপৰীতে বুধবাৰে তিনিচুকীয়াত বিক্ষোভকাৰীৰ আক্ৰমণৰ বলি হৈছে গেৰুৱা দলটোৰ জিলা সভাপতিগৰাকী।

প্ৰতিবাদকাৰীসকলে বিজেপি আৰু আৰ এচ এচক সকীয়াই থকাৰ বিপৰীতে খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমেলযোগে ইয়াৰ প্ৰতিক্ৰিয়া কৰিছে। দলটোৰ “২৯ লাখ সদস্য” ওলাই আহিলে প্ৰতিবাদী সংগঠনসমূহে বিষম পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব বুলি বৃহস্পতিবাৰেই গুৱাহাটীত মন্তব্য কৰিছে দাসে।

বিতৰ্কিত বিধেয়কখনে দুই উপত্যকা বৰাক আৰু ব্ৰহ্মপুত্ৰৰ লগতে বাঙালী আৰু খিলঞ্জীয়াৰ মাজতো সৃষ্টি কৰিছে বিভেদৰ। এই কথা প্ৰকাশ পাইছে অসম আৰক্ষীৰ তাকো বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যৰ বক্তব্যত। বিধেয়কখনে অসমত বাঙালী আৰু অসমীয়াৰ বিভেদত “ইন্ধন যোগাইছে” আৰু নিষিদ্ধ আলফা (স্বাধীন)ক “নতুন জীৱন” দিছে বুলি যোৱা নৱেম্বৰ মাহত মন্তব্য কৰিছিল।

লগতে পঢ়ক– অসমীয়া-বাঙালী সংঘাতত ‘ইন্ধন’ যোগাইছে নাগৰিকত্ব বিধেয়কে: শীৰ্ষ আৰক্ষী বিষয়া

তাৰোপৰি বৰাকৰ সদ্য বহিষ্কৃত বিজেপি নেতা, সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক প্ৰদীপ দত্ত ৰয়ে শিলচৰত অধ্যয়নৰত “অসমীয়া” ছাত্ৰ-ছাত্ৰীসকলক বিধেয়ক বিৰোধিতাৰ বাবে সকীয়নি দিছিল।

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ “বংগমূলীয় মুছলমান”ক সত্ৰ দখল আৰু নাৰী ধৰ্ষণৰ দৰে ঘটনাৰ বাবে পোনপটীয়াকৈ দোষাৰোপ কৰি আহিছে।

ইফালে চৰকাৰ-ঘোষিত জনজাতিকৰণক লৈ ৬টা জনগোষ্ঠীয়ে দাবী তীব্ৰ কৰি তোলাৰ বিপৰীতে ইয়াৰ ব্যাপক বিৰোধিতা কৰিছে ৰাজ্যৰ জনজাতীয় সংগঠনসমূহে।

বিজেপি উত্থাপিত বিধেয়কখনৰ “ধৰ্মীয়” পক্ষপাতিত্বত অসন্তুষ্ট অসমৰ খিলঞ্জীয়া মুছলমানকে ধৰি বুজনসংখ্যক ইছলামধৰ্মী লোক। একাংশ হিন্দু, হিন্দু বাঙালী আৰু মুছলমানৰ মাজত ই ৰোপণ কৰিব পাৰে বিদ্বেষৰ বীজ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd