শিৱসাগৰ জিলাৰ হাতীঘূলি অঞ্চলৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান খোজ ভেটিৰ পৰা আধাৰশিলাই ষষ্ঠ বছৰ অতিক্ৰম কৰিলে ৷ এই উপলক্ষে দেওবাৰে শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,কবি জীৱন কৃষ্ণ গোস্বামীৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়।
সভাত বিশিষ্ট কবি, সমালোচক তথা নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী ৰাজীৱ বৰাই বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতেই বৰাই খোজৰ অধ্যক্ষ দিগন্ত নাথৰ কাব্যগ্ৰন্থ ” দ্বিতীয়াৰ জোন ” আৰু ৰূপজ্যোতি নাথৰ কাব্যগ্ৰন্থ ” জুই ফুলাৰ লগন ” উন্মোচন কৰে।
গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত অধ্যাপক বৰাই কয় যে কবিতা ৰচনাৰ বাবে অধ্যয়ন, অনুসন্ধান আৰু অনুশীলনৰ প্ৰয়োজন ৷ সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ ধাৰা আৰু নতুন কবিতাৰ ধাৰা আৰু নতুন কবিৰ কবিতাই আশাৰ সঞ্চাৰ কৰাৰ বিষয়ে বৰাই আলোকপাত কৰে ৷
অনুষ্ঠানত আমগুৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষা নীলিমা বৰুৱাই বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি খোজৰ দৰে সাহিত্য সাংস্কৃতিক অনুষ্ঠানেহে অসমীয়া ভাষা সাহিত্য সংবৰ্ধনত প্ৰকৃতাৰ্থত সেৱা আগবঢ়াই অগতানুগতিক কাৰ্যসূচীৰে অনাগত দিনত আৰু আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে ৷
প্ৰিয়ভা নাথৰ বৰগীতেৰে শুভাৰম্ভ কৰা সভাত নামদাং নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ নাথ নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি অসমীয়া ভাষা সংৰক্ষণ -সংবৰ্ধনত সাহিত্য-সাংস্কৃতিক চ’ৰা সমূহৰ দায়িত শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৷
ৰূপজ্যোতি নাথে আঁতধৰা অনুষ্ঠানটোত আমগুৰি মহাবিদ্যালয়ৰ অধ্যাপিকা দীপামণি বৰঠাকুৰ,সাংবাদিক গকুল বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক জীৱমণি নাথ, গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্ত, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কুলধৰ বৰা প্ৰমুখ্যে বিভিন্নজনে বক্তব্য আগবঢ়ায় ৷