• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ফৰ্মলৈ উভতি আহিল অগপ! : বিধানসভাত খিলঞ্জীয়াৰ স্বাৰ্থত সৰৱ হৈ ত্যাগ কৰিলে সদন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2019 12:30 pm
AGP-5

বিধানসভাৰ বাহিৰত অগপৰ বিধায়ক। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে অসম বিধানসভাত অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সৰৱ হৈ অসম গণ পৰিষদ দলৰ সদস্য সকলে সদন ত্যাগ কৰে। অসম চুক্তিৰ ৫নং আৰু ৬ নং দফাক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভুল তথ্য দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি অগপই সদন ত্যাগ কৰে।

সদনত অগপৰ সদস্যই উত্থাপন কৰা প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱাৰ বাবেই প্ৰতিবাদ কৰি দলৰ সদস্যসকলে সদন ত্যাগ কৰে।

Apply Now

আজি বিধানসভাত অসম চুক্তিৰ ৫নং দফা আৰু ৬নং দফাৰ প্ৰসংগ উত্থাপন হোৱাৰ পাছত সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চৰকাৰৰ হৈ এই বিষয়ত ব্যাখ্যা আগবঢ়ায়।

শাসকীয় বিজেপি দলৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয়,’’ অসমৰ বাবে ই এক বিশেষ সকাহ হ’ব। খিলঞ্জীয়াই জাতি মাটি ভেটিৰ সুৰক্ষা পাব। ৬নং দফা কাৰ্যকৰী কৰাত অসুবিধা আহিলেও অসমৰ স্বাৰ্থত ইয়াক কাৰ্যকৰী কৰা হ’ব।‘’

মন্ত্ৰী পাটোৱাৰীয়ে লগতে এই পৰ্যন্ত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্দ্ধাৰণ হোৱা নাই বুলি জানিব দি কয়, ‘’খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব আৰু তাৰ বাবে আমাক সকলোৰে মতামত লাগিব।‘’

আনহাতে, এই বিষয়ে গঠন কৰি দিয়া কমিটি সন্দৰ্ভত তীৰ্যক মন্তব্য কৰি পাটোৱাৰীয়ে কয় যে সাহিত্যিক বুদ্ধিজীৱীসকলে ভুল কৰিলে। তেওঁলোক থকাহেঁতেন অসমৰ ইতিহাসত তেওঁলোকৰ নাম সোণালী আখৰেৰে লিখা থাকিলেহেঁতেন।

মন্ত্ৰী পাটোৱাৰীৰ এই ব্যাখ্যাৰ পাছতে সদনত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই প্ৰশ্ন কৰে যে খিলঞ্জীয়াৰ সংজ্ঞা নথকাকৈ কিদৰে খিলঞ্জীয়াক ৰক্ষা কৱচ দিব? তদুপৰি, অগপ বিধায়কগৰাকীয়ে মন্তব্য কৰে,’‘লোকসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে ৬নং দফা কাৰ্যকৰী কৰিবলৈ ওলোৱাত সন্দেহ হৈছে, দুবছৰ পূৰ্বে যদি কেন্দ্ৰই এই সিদ্ধান্ত ল’লেহেঁতেন তেন্তে আমি আদৰণি জনালোহেঁতেন।‘’

চৰকাৰৰ পৰা সঠিক উত্তৰ নাপাই অগপৰ সদস্যসকলে সদন ত্যাগ কৰে। অসম চুক্তি সন্দৰ্ভত কৰা প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱাৰ বাবে অগপই সদন ত্যাগ কৰা বুলি জানিব দিয়ে।

সদন ত্যাগ কৰাৰ পাছত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয়,’’মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভুল তথ্য দিছে। চুক্তিৰ ৫ আৰু ৬নং দফাক লৈ আমাক বিতংভাৱে আলোচনাৰ সুযোগ নিদিলে। খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈ খিলঞ্জীয়াক কিদৰে ৰক্ষাকৱচ দিব।‘’

তদুপৰি, তেওঁ ‘‘খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণত কংগ্ৰেছ আৰু বিজেপিৰ আন্তৰিকতা নাই’’ বুলিও মন্তব্য কৰে। আনহাতে, অগপৰ আন এগৰাকী বিধায়ক পবীন্দ্ৰ ডেকাই ‘’সদনত ভুল তথ্যৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনৰ পৱিত্ৰতা নষ্ট কৰিছে’’ বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd