• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৰদা কেলেংকাৰিত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীৰে চি বি আইৰ কাৰ্যালয় ঘেৰাও যুৱ কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 5, 2019 11:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চি বি আইৰ অগণতান্ত্ৰিক পদক্ষেপৰ বিৰুদ্ধে ৰণচণ্ডী মূৰ্তি ধৰা বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সাৰদা কেলেংকাৰিত হিমন্ত বিশ্বলৈ আঙুলি টোঁওৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতি ইয়াক লৈ তোলপাৰ হৈ উঠিছে।

একালৰ প্ৰভাৱশালী কংগ্ৰেছী তথা বৰ্তমান বিজেপি চৰকাৰখনৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্বৰ গ্ৰেপ্তাৰৰ দাবীত আজি গুৱাহাটীৰ বেতকুচিত থকা চি বি আইৰ কাৰ্য্যালয় ঘেৰাও কৰে সভাপতি কামৰুল ইছলাম চৌধুৰীৰ নেতৃত্বত যোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কৰ্মীসকলে। সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰিত শৰ্মা জড়িত আছে বুলি দাবী কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় যুৱ কংগ্ৰেছীসকলে।

ইয়াৰ পাছতেই আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি তাৰ পৰা লৈ যায়। প্ৰতিবাদত বাধা প্ৰদান কৰা আৰক্ষীৰ সৈতে হতাহতিও হয় প্ৰতিবাদকাৰীসকলৰ।

যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা সাৰদা আৰু লুই বাৰ্জাৰ কেলেংকাৰিৰ দৰে বিয়াগোম কেলেংকাৰিত জড়িত আছে। কেৱল বিজেপিলৈ যোৱাৰ বাবেই তেওঁৰ সকলো দোষ নাইকীয়া হৈ গ’ল। চি বি আয়ে অসমত এই কেলেংকাৰিসমূহৰ তদন্ত লেহেমীয়া কৰি দিছে’’।

তেওঁ লগতে বিজেপি চৰকাৰে চি বি আইৰ ওপৰত হস্তক্ষেপ কৰি থকাৰ অভিযোগ আনি সংস্থাটোক ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰো দাবী উত্থাপন কৰে।

উল্লেখ্য যে, ৩ ফেব্ৰুৱাৰিত চি বি আয়ে সাৰদা কেলেংকাৰিত কলকাতাৰ আৰক্ষী আয়ুক্তক জেৰা চলাবলৈ যোৱা কাৰ্যত বাধা প্ৰদান কৰি অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কেলেংকাৰিটোত হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছিল।

বিজেপিলৈ যোৱা বাবেই তেওঁ তদন্তৰ পৰা ৰেহাই পোৱা বুলিও মন্তব্য কৰিছিল বংগৰ নেত্ৰীগৰাকীয়ে। ইয়াৰ পাছতেই কালি গুৱাহাটীত এখন সংবাদমেলত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে দাবী কৰিছিল, ‘তদন্তৰ পৰা বাচিবলৈহে হিমন্তই বিজেপিলৈ গৈছিল’।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm
১৭ আগষ্টৰ পৰা বিহাৰত ‘ভোট অধিকাৰ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে

১৭ আগষ্টৰ পৰা বিহাৰত ‘ভোট অধিকাৰ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে

August 16, 2025 4:17 pm
জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm
১৭ আগষ্টৰ পৰা বিহাৰত ‘ভোট অধিকাৰ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে

১৭ আগষ্টৰ পৰা বিহাৰত ‘ভোট অধিকাৰ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে

August 16, 2025 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd