• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ ‘অষ্টাদশ মুকুতাৰ মালা’ই বিৰিঙাব নোৱাৰিলে ‘দিব্যাংগৰ মুখত হাঁহি’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2019 10:51 pm
Himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ৰ সৈতে তুলনা কৰা ‘২০১৯-২০’ বৰ্ষৰ বাজেটৰ পাছতো বিৰিঙাব নোৱাৰিলে দিব্যাংগৰ মুখত হাঁহি। বাজেট দাখিলৰ পাছতো পুনৰ পূৰ্বৰ সৈতে সাদৃশ্য থকা ‘প্ৰতিশ্ৰুতি’বোৰেও প্ৰতিবন্ধীসকলৰ মুখ উজ্জ্বলাই তোলা বাদেই বৰঞ্চ ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ চাৰি লক্ষাধিক দিব্যাংগ।

‘বাজেটখনত নতুনত্ব বুলিবলৈ একোৱেই নাই। পূৰ্বতে দুবাৰকৈ বাজেটত নিৰ্ধাৰিত ২৫০ কোটি টকাকে পুনৰ দিব্যাংগৰ বাবে ধাৰ্য্য কৰিছে।  সেই একেখিনি ধনেৰে তিনিবাৰ ঢাক-ঢোল কোবালে।‘ বাজেট দাখিলৰ পাছত নৰ্থ ইষ্ট নাওৰ জৰিয়তে চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

Apply Now

ইপিনে, দিব্যাংগৰ বাবে বাজেটত ধাৰ্য্য কৰা ধন ‘নিৰ্বাচনী টোপ’ বুলি কোৱাতকৈ এইটো হিমন্ত বিশ্ব শৰ্মাৰ ‘চৰম মিথ্যাচাৰ‘ বুলিহে কটাক্ষ কৰে মালাকাৰে।

তেওঁৰ মতে ‘এই বাজেটত ধাৰ্য্য ধন কণা হাঁহক পতান দিয়া লেখীয়া কথা।‘

তেওঁ লগতে দুখ প্ৰকাশ কৰি কয়, ‘হিমন্ত বিশ্ব শৰ্মাই আমাক মানসিকভাৱে প্ৰতিবন্ধী বুলি ভাবিছে। কিন্তু আমি শাৰিৰীকভাৱে প্ৰতিবন্ধী হ’লেও মানসিকভাৱে নহয়।‘

আনহাতে, জনসাধাৰণৰ সহানুভূতি আদায় কৰাৰ এক ব্যৱসায়ত হিমন্ত বিশ্ব শৰ্মা নামি পৰিছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে মানুহে ভাবিব দিব্যাংগসকলৰ বাবে ইমান টকা ধাৰ্য্য কৰিছে। ‘প্ৰকৃতাৰ্থত দিব্যাংগক কি দিলে?’ বুলি প্ৰশ্ন কৰি মালাকাৰে কয়, ‘এখন আঁচনিয়েই দুবাৰকৈ উদ্বোধন কৰিলে।‘

উল্লেখ্য যে, ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰিতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনাকালত উক্ত বৰ্ষৰে ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ চাৰি লক্ষাধিক দিব্যাংগক ৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। লগতে ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৯ ৰ এপ্ৰিললৈকে প্ৰত্যেক মাহে ১ হাজাৰ টকাকৈ মাননী দিয়াৰো প্ৰতিশ্ৰুতি দিছিল দিব্যাংগক। কিন্তু মালাকাৰে অভিযোগ কৰে যে এতিয়াও বহু লক্ষাধিক দিব্যাংগই লাভ কৰা নাই সেই এহাজাৰ টকাৰ মাননী।

তদুপৰি, ২০১৮ চনৰ ২১ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা বৈঠকত ১ হাজাৰ টকাৰ মাননীৰ ঠাইত ৩ হাজাৰ টকাৰ মাননী দিবলৈ দাবী জনাইছিল।

ইপিনে, সমাজ কল্যাণ বিভাগত আঁচনিৰ ধন হৰলুকি হোৱাৰ অভিযোগ তুলি মালাকাৰে কয়, ‘নিশ্চয়কৈ কেলেংকাৰি হৈ আছে, যাৰ বাবে প্ৰাপ্য ধন লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে লাখ লাখ দিব্যাংগ।‘

অতি শীঘ্ৰে সমাজ কল্যাণ বিভাগত চলি থকা এই কেলেংকাৰিৰ তদন্ত বিচাৰিব বুলিও তেওঁ আমাৰ আগত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd