DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্তৰ ‘অষ্টাদশ মুকুতাৰ মালা’ই বিৰিঙাব নোৱাৰিলে ‘দিব্যাংগৰ মুখত হাঁহি’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 6, 2019 10:51 pm
Himanta
1.6k
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ৰ সৈতে তুলনা কৰা ‘২০১৯-২০’ বৰ্ষৰ বাজেটৰ পাছতো বিৰিঙাব নোৱাৰিলে দিব্যাংগৰ মুখত হাঁহি। বাজেট দাখিলৰ পাছতো পুনৰ পূৰ্বৰ সৈতে সাদৃশ্য থকা ‘প্ৰতিশ্ৰুতি’বোৰেও প্ৰতিবন্ধীসকলৰ মুখ উজ্জ্বলাই তোলা বাদেই বৰঞ্চ ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ চাৰি লক্ষাধিক দিব্যাংগ।

‘বাজেটখনত নতুনত্ব বুলিবলৈ একোৱেই নাই। পূৰ্বতে দুবাৰকৈ বাজেটত নিৰ্ধাৰিত ২৫০ কোটি টকাকে পুনৰ দিব্যাংগৰ বাবে ধাৰ্য্য কৰিছে।  সেই একেখিনি ধনেৰে তিনিবাৰ ঢাক-ঢোল কোবালে।‘ বাজেট দাখিলৰ পাছত নৰ্থ ইষ্ট নাওৰ জৰিয়তে চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

ইপিনে, দিব্যাংগৰ বাবে বাজেটত ধাৰ্য্য কৰা ধন ‘নিৰ্বাচনী টোপ’ বুলি কোৱাতকৈ এইটো হিমন্ত বিশ্ব শৰ্মাৰ ‘চৰম মিথ্যাচাৰ‘ বুলিহে কটাক্ষ কৰে মালাকাৰে।

তেওঁৰ মতে ‘এই বাজেটত ধাৰ্য্য ধন কণা হাঁহক পতান দিয়া লেখীয়া কথা।‘

তেওঁ লগতে দুখ প্ৰকাশ কৰি কয়, ‘হিমন্ত বিশ্ব শৰ্মাই আমাক মানসিকভাৱে প্ৰতিবন্ধী বুলি ভাবিছে। কিন্তু আমি শাৰিৰীকভাৱে প্ৰতিবন্ধী হ’লেও মানসিকভাৱে নহয়।‘

আনহাতে, জনসাধাৰণৰ সহানুভূতি আদায় কৰাৰ এক ব্যৱসায়ত হিমন্ত বিশ্ব শৰ্মা নামি পৰিছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে মানুহে ভাবিব দিব্যাংগসকলৰ বাবে ইমান টকা ধাৰ্য্য কৰিছে। ‘প্ৰকৃতাৰ্থত দিব্যাংগক কি দিলে?’ বুলি প্ৰশ্ন কৰি মালাকাৰে কয়, ‘এখন আঁচনিয়েই দুবাৰকৈ উদ্বোধন কৰিলে।‘

উল্লেখ্য যে, ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰিতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনাকালত উক্ত বৰ্ষৰে ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ চাৰি লক্ষাধিক দিব্যাংগক ৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। লগতে ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা ২০১৯ ৰ এপ্ৰিললৈকে প্ৰত্যেক মাহে ১ হাজাৰ টকাকৈ মাননী দিয়াৰো প্ৰতিশ্ৰুতি দিছিল দিব্যাংগক। কিন্তু মালাকাৰে অভিযোগ কৰে যে এতিয়াও বহু লক্ষাধিক দিব্যাংগই লাভ কৰা নাই সেই এহাজাৰ টকাৰ মাননী।

তদুপৰি, ২০১৮ চনৰ ২১ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা বৈঠকত ১ হাজাৰ টকাৰ মাননীৰ ঠাইত ৩ হাজাৰ টকাৰ মাননী দিবলৈ দাবী জনাইছিল।

ইপিনে, সমাজ কল্যাণ বিভাগত আঁচনিৰ ধন হৰলুকি হোৱাৰ অভিযোগ তুলি মালাকাৰে কয়, ‘নিশ্চয়কৈ কেলেংকাৰি হৈ আছে, যাৰ বাবে প্ৰাপ্য ধন লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে লাখ লাখ দিব্যাংগ।‘

অতি শীঘ্ৰে সমাজ কল্যাণ বিভাগত চলি থকা এই কেলেংকাৰিৰ তদন্ত বিচাৰিব বুলিও তেওঁ আমাৰ আগত কয়।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd