সৰস্বতী পূজাৰ প্ৰাকক্ষণত শনিবাৰে ওদালগুৰিত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী শিক্ষয়িত্ৰীয়ে কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তুলিছে। দুৰ্ঘটনাত নিহত শিক্ষয়িত্ৰীগৰাকী দৰং জিলাৰ দলগাঁওৰ ছিমলাগুৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ববিতা ডেকা বৰুৱা বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি শিক্ষয়িত্ৰী গৰাকীয়ে স্কুটিৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত এ এছ ১২ টি ৪৫২৭ নম্বৰৰ এখন তীব্ৰবেগী বলেৰ’ গাড়ীয়ে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত শিক্ষয়িত্ৰী গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
পিছত শিক্ষয়িত্ৰীগৰাকীক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত চিকিৎসালয়লৈ নিয়া হয় যদিও শিক্ষয়িত্ৰীগৰাকীয়ে চিকিৎসালয়লৈ নিয়া পথতে কৰুণ মৃত্যুক সাবটি লয়।
আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে চালক দিব্যজ্যোতি বসুমতাৰীকো আটক কৰে।
উল্লেখযোগ্য যে ওদালগুৰি অঞ্চলত যান-বাহন আইন উলংঘা কৰি মইমতালিৰে চালকসকলে গাড়ী চলোৱা বাবেই অঞ্চলটোত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। যাৰ ফলত বহুলোকে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। গতিকে স্থানীয় ৰাইজে এই ক্ষেত্ৰত যান-বাহন আৰক্ষী তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।