• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত নাটকীয় দৃশ্যপট : নাগৰিকত্ব বিধেয়কে সলনি কৰি দিব পাৰে উত্তৰ-পূবৰ ৰাজনৈতিক সমীকৰণ

বিজেপিৰ সংগ এৰা অগপৰ সৈতে মিত্ৰতা ত্যাগৰ বাবে সাজু কনৰাড চাংমাৰ বৈঠক

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
February 11, 2019 6:53 pm
Conrad-addressing-media-570x320
1.1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কক লৈ দিল্লীত আজি নাটকীয় দৃশ্যপটৰ অৱতাৰণা হোৱা দেখা গৈছে। নাগৰিকত্ব বিধেয়কে উত্তৰ-পূবৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিয়াৰ এটা সম্ভাৱনাই মূৰ দাঙি উঠা দেখা গৈছে আজিৰ অগ্ৰগতিৰ পৰা।

বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ দিল্লীত গৈ থকা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই বিধেয়ক বাতিল নহ’লে বিজেপিৰে মিত্ৰতা ছেদ কৰাৰ হুংকাৰ দিয়াৰ পিছতে আজি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিং অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ সৈতে এখন বৈঠকত মিলিত হয়।

কিন্তু এই বৈঠকৰ অন্তত বীৰেন সিং, পেমা খাণ্ডুক সংবাদ মাধ্যমৰ পৰা তৎপৰতাৰে আঁতৰাই লৈ যোৱা দেখা গ’ল কিৰেন ৰিজিজুক। একেই পথ ল’লে পিছে পিছে যোৱা পেমা খাণ্ডুৱেও।

ইপিনে জানিব পৰামতে, বিধেয়কখন বাতিলৰ দাবীত আঁকোৰগোঁজ হৈ থকা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা উপস্থিত নাছিল বৈঠকত।

তাৰ বিপৰীতে ৰিজিজুৰ বৈঠকৰ কিছু সময়ৰ পূৰ্বে কনৰাড চাংমাই বিধেয়কখনৰ বিৰোধিতা কৰি অলপতে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰা অগপৰ প্ৰতিনিধিসকলৰ সৈতেহে দিল্লীত বৈঠকত বহিছিল।

আনপিনে চাংমাৰ মিত্ৰতা ছেদৰ হুংকাৰে মণিপুৰ ৰাজনৈতিক সমীকৰণত আউল লগাব পাৰে বা ইয়াৰ বৰ্তমানৰ স্থিতাৱস্থাত সালসলনি আনিব পাৰে বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকে। কাৰণ কনৰাড চাংমাৰ দল এন পি পি মণিপুৰত বিজেপিৰ চৰকাৰৰ অংশীদাৰ।

অৱশ্যে নিৰ্বাচনৰ পিছতে ৮জনকৈ বিজয়ী কংগ্ৰেছী বিধায়কে দলত্যাগ কৰি বিজেপিত যোগ দিয়াত ৰাজ্যখনত নিৰাপদ হৈ আছে বিজেপিৰ চৰকাৰ। ৬০খন আসনযুক্ত ৰাজ্যখনত এতিয়া বিজেপিৰ বিধায়ক আছে ৩১জন।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা উত্তৰ-পূবৰ ৰাজনীতিয়ে দিল্লীত কি গঢ় লয় সেয়া দুই-এদিনতে স্পষ্ট হ’ব পাৰে।

সংসদৰ বিশেষ অধিৱেশন আৰু দুদিন বাকী থকা অৱস্থাত ৰাজ্যসভাত এতিয়াও বিতৰ্কিত বিধেয়কখন উত্থাপিত হোৱা নাই।

Recent News

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

১০ উপ-সভাপতি, ৪ সাধাৰণ সম্পাদকক লৈ ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

দিছপুৰ চুপাৰ মাৰ্কেটৰ লজৰ সমীপত মৃতদেহ উদ্ধাৰ, তদন্তত নামিছে আৰক্ষী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd