• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাজ্যসভাত উত্থাপিত হ’বলগীয়া বিধেয়কৰ বিৰোধিতা কৰিব জে ডি (ইউ), ডি এম কে আৰু সমাজবাদী পাৰ্টীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 8:22 am
11-02-19 Delhi- NESO-AASU delegation met Javed Ali Khan (2)

নতুন দিল্লীত আছু আৰু নেছ্'ৰ প্ৰতিনিধি দলে সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খানক সাক্ষ্যাৎ কৰা মুহূৰ্তত। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত তথা  চলিত ৰাজ্যসভাত যাতে এই আইনখন গৃহীত নহয়, তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থা  আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে।

ৰাজ্যসভাৰ অধিৱেশন ১৩ ফেব্ৰুৱাৰিলৈ চলিব। আনহাতে, বিতৰ্কিত বিধেয়কখন আজি ৰাজ্যসভাত উত্থাপন কৰাৰ বাবে সদনৰ কাৰ্যক্ৰমণিকাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপিয়ে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব। ইয়াৰ বাবে বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাত সাংসদসকলে বিৰোধিতা কৰি নিশ্চিতভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

Apply Now

এই সন্দৰ্ভত আছু আৰু নেছ’ৰ প্ৰতিনিধি দলটোৱে সদন কক্ষ ত্যাগ নকৰাকৈ সকলোকে সদনত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোট দি ইয়াক গৃহীত হোৱাত বাধা দিবলৈ বিভিন্ন দলৰ সাংসদসকলক আহ্বান জনাইছে।

নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱা, সম্পাদকপ্ৰধান ছিনাম প্ৰকাশ, উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ সমন্বিতে সদৌ অসম ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, নগা ছাত্ৰ ফেডাৰেশ্যন, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যন, মিজো জিৰলাই পল, গাৰো ছাত্ৰ সন্থা সমন্বিতে প্ৰতিনিধি দলটোৱে সোমবাৰে নীতিশ কুমাৰ নেতৃত্বাধীন জে ডিৰ (ইউ) সাংসদ কে চি ত্যাগী, সমাজবাদী পাৰ্টিৰ নেতা জেপিচিৰ সদস্য জাভেদ আলী খান, বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ডি এম কেৰ তিৰুচি শিৱাক সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়ক বিৰোধী স্থিতি গ্ৰহণৰ আহ্বান জনায়।

জে ডিৰ (ইউ) নেতা কে চি ত্যাগীয়ে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা পুনৰ স্পষ্টভাৱে দোহাৰিছে। এন ডি এৰ সহযোগী জে ডি (ইউ)য়ে বিধেয়কখনৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব আৰু আন দলকো এই সন্দৰ্ভত বিধেয়কখনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাব। বি পি এফ সদস্য বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখন সন্দৰ্ভত ভোট হ’লে সময়ত দলে উপযুক্ত সিদ্ধান্ত ল’ব বুলি জানিব দিয়ে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

আনহাতে, সমাজবাদী পাৰ্টীৰ জাভেদ আলী খানে জে পি চিতো দলে এই সাম্প্ৰদায়িক বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি দলৰ ১৩জন সাংসদে সংসদত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোট দিব বুলি প্ৰতিনিধি দলটোক জানিব দিয়ে। এই সন্দৰ্ভত একেই দৃষ্টিভংগী প্ৰকাশ কৰিছে তামিলনাডুৰ আঞ্চলিক দল ডি এমকেই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd