“জনতাৰ প্ৰত্যেকটো আন্দোলন বিজেপিয়ে নস্যাৎ কৰিব বিচাৰিছে। গতিকে আগন্তুক নিৰ্বাচনত জনসাধাৰণে নস্যাৎ কৰিব তেওঁলোকক, অৱশ্যে যদিহে ই ভি এমৰ খেল নেখেলে দলটোৱে”, নৰ্থ-ইষ্ট উইমেন ফ্ৰণ্টৰ সাধাৰণ সম্পাদিকা তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী মীৰা বৰঠাকুৰে আজি এই মন্তব্য কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী এটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত।
১২ ফেব্ৰুৱাৰিত দীঘলীপুখুৰী পাৰত নৰ্থ-ইষ্ট উইমেন ফ্ৰণ্ট আৰু যুঁজাৰু দি ফাইটাৰ্ছৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। বিজেপি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি দলৰ পৰা বহিষ্কৃত হোৱা নেত্ৰীগৰাকীয়ে ধৰ্মঘট কাৰ্য্যসূচীটোৰ মাজতে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে।
সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হৈও আৰ এছ এছৰ কথাত উঠা-বহা কৰিছে বুলি মন্তব্য কৰি বৰঠাকুৰে লগতে কয় ‘তেওঁৰ কলংকিত অধ্যায় ইতিহাসৰ পৃষ্ঠাত ক’লা চিঞাহিৰে লিখা থাকিব।‘
আনহাতে, সৰ্বানন্দ সোণোৱাল বৰ্তমান জাতীয় নায়ক হৈ থকা নাই বুলি মন্তব্য কৰে বৰঠাকুৰে।
“সৰ্বানন্দ সোণোৱাল ভণ্ড জাতীয় নায়ক। তেওঁ জাতিটোক ঠগি ঠগি খালে, গতিকে তেওঁৰ নামটো ক’লা চিয়াহীৰে লিপিবদ্ধ হৈ ৰ’ব।” মুখ্য মন্ত্ৰী সোণোৱালক কটাক্ষ কৰি এইদৰে কয় বৰঠাকুৰে।
ইয়াৰোপৰি, বিজেপিয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এটা ব্যক্তিগত কোম্পানিৰ দৰে পৰিচালিত কৰিছে বুলি মীৰা বৰঠাকুৰে গুৰুতৰ অভিযোগ তোলে।
তেওঁ কয় “চৰকাৰখন তেওঁলোকৰ প্ৰাইভেট কোম্পানি নহয়। জনসাধাৰণে গঠন কৰা চৰকাৰখনত বিজেপিয়ে প্ৰাইভেট কোম্পানিৰ দৰে যি ইচ্ছা তাকেই কৰি আছে।‘”
আনহাতে, ক্ষমতাই মূৰত ধৰা বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ গণতান্ত্ৰিক প্ৰতিবাদত গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰি বৰঠাকুৰে বিজেপি চৰকাৰৰ পতন নিশ্চিত বুলিও দাবী কৰে।
“কংস বহুত শক্তিশালী আছিল যদিও কৃষ্ণৰ হাতত মৃত্যু হ’ল, ৰাৱণ বহুত শক্তিশালী আছিল যদিও হনুমানে গৈ লংকা জ্বলাই থৈ আহিছিল। বিজেপিয়েও সেইদৰে ক্ষমতাত থকাৰ কাৰণে ভাবিছে যে কাকো গুৰুত্ব নিদিয়াকৈ আগবাঢ়িব পাৰিব”, এইদৰে কয় মীৰা বৰঠাকুৰে।
আনহাতে, উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ সভাপতি ৰেখাৰাণী দাস বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ মানুহৰ প্ৰতিবাদৰ গত্যন্তৰ নাই।
ইয়াৰোপৰি, অসমৰ মানুহে ভাষা-সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰৰ কাৰণে এই বিলৰ বিৰোধিতা কৰিছে বুলিও বড়োৱে মন্তব্য কৰে।
আনহাতে, বিজেপিয়ে চলে-বলে-কৌশলে বিলখন ৰাজ্যসভাতো গৃহীত কৰিবলৈ চেষ্টা চলাব বুলি মন্তব্য কৰি তেওঁ কয় “তেনে কৰিলেও বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ হৃদয় কেতিয়াও জিনিব নোৱাৰিব। জন্মে জন্মান্তৰে অসমৰ মানুহৰ কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰ অভিশপ্ত হৈ ৰ’ব।”
আনহাতে, উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি যুঁজাৰু দি ফাইটাৰ্ছৰ সভানেত্ৰী জোনমণি দেবী খাউণ্ডে বিজেপি চৰকাৰখনে স্বৈৰচাৰী শাসন চলাবলৈ আৰম্ভ কৰিছে বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।
“বিজেপি চৰকাৰৰ এয়া স্বৈৰতন্ত্ৰৰ চুড়ান্ত ৰূপ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইমান ডাঙৰ প্ৰতিবাদী কাৰ্য্যসূচী হৈ থকাৰ সত্ত্বেও এই প্ৰতিবাদৰ প্ৰতি বিজেপি চৰকাৰে গুৰুত্ব আৰোপ নকৰি বিধেয়ক গৃহীত কৰাৰ কূট-কৌশল ৰচনা কৰিছে।” বিজেপি চৰকাৰৰ দিন চমু চাপি আহিছে বুলি দাবী কৰি খাউণ্ডৰ এই মন্তব্য।