১৪ ফেব্ৰুৱাৰিত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ভাৰতৰ চি আৰ পি এফ দলৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে গৰজি উঠিছে হিন্দু নিৰ্মাণ দল আৰু ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ সমিতি।
গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত বজৰং দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি নিলভ দাসৰ নেতৃত্বত দাহ কৰা হয় পাকিস্তানৰ জাতীয় পতাকা। সংগঠন দুটাই পাকিস্তানৰ জাতীয় পতাকা ৰাজপথত ভৰিৰে মোহাৰি প্ৰতিবাদ সাব্যস্ত কৰি ‘পাকিস্তান মুর্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, মোডী চৰকাৰ কাম নাই’ আদি ধ্বনিৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখ উত্তাল কৰি তোলে।
ইফালে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণত নিহত চহিদ সকলৰ স্মৃতিত গণেশগুৰিৰ বি কে টাৱাৰৰ সমীপত পাকিস্তানৰ পতাকা দহা কৰে হিন্দু জাগৰণ মঞ্চৰ মহানগৰ সমিতিয়ে।
একেদৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও ১৪ জানুৱাৰিৰ দিনা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণক ধিক্কাৰ দিয়াৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সংগঠনটোৱে ২০১৯ৰ ১৪ ফেব্ৰুৱাৰিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে ক’লা দিন হিচাপে পৰিগণিত হৈ ৰ’ব বুলি কয়।
দেশৰ নামত চহিদ হোৱা জোৱানসকলৰ ত্যাগক অথলে যাবলৈ নিদি চৰকাৰে শীঘ্ৰে পাকিস্তানক শাস্তি দিয়াৰ পোষকতা কৰে সংগঠনটোৱে।
লগতে সমগ্ৰ দেশবাশীক একত্ৰিত হৈ থিয় দিয়াৰ বাবে আহ্বান জনাই পাকিস্তানক কঠোৰ হাতেৰে দমন কৰিবলৈ প্ৰধান মন্ত্ৰী মোদীক আহ্বান জনাইছে।