চেন্নাইত ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈ অসমৰ এজন যুৱকে কোটি টকাৰ মূল্যৰ সোণ-হীৰা, ধন লুটা কৰি পলাই অহাৰ অভিযোগ উঠিছে।
উল্লেখযোগ্য যে চেলেংহাট গড়কোষ গাঁৱৰ প্ৰয়াত লক্ষীৰাম গগৈৰ পুত্ৰ কনক গগৈয়ে ৯ বছৰ ধৰি চেন্নাইত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল।
কিছু বছৰৰ পূৰ্বে কনক চেন্নাইৰ সোণ আৰু হীৰাৰ আ-অলংকাৰৰ ব্যৱসায়ী প্ৰবীণ নামৰ এজন ব্যক্তিৰ ঘৰত সুৰক্ষা কৰ্মী হিচাপে নিয়োগ হৈছিল।
উক্ত সোণ আৰু হীৰাৰ আ-অলংকাৰৰ ব্যৱসায়ীজনৰ ঘৰৰ পৰাই কনকে প্ৰায় এক কেজি সোণ, সোণৰ আ-অলংকাৰ, হীৰাৰ আঙঠি, চেইন, নগদ ধন লুট কৰি অনা বুলি অভিযোগ উঠিছে।
কনক গগৈ কাতি বিহুৰ সময়ত চেন্নাইৰ পৰা ঘৰলৈ ছুটী লৈ আহিছিল। ইফালে অলপতে কনকক বিচাৰি চেন্নাইৰ পৰা অহা আৰক্ষীৰ এটা তিনিজনীয়া দলে চেলেংহাট আৰক্ষীৰ সহযোগত কনকক বিচাৰি কনকক নাপালে।
মন কৰিবলগীয়া যে কনকে আৰক্ষী অহাৰ উমান পাই সেইদিনাৰ পৰাই ঘৰৰ পৰাও আঁতিৰ বৰ্তমালৈকে আত্মগোপন কৰি আছে।
বৰ্তমান চেন্নাই আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত কনকক বিচাৰি যোৰহাট, শিৱসাগৰৰ বিভিন্ন ঠাইত অভিযান চলাইছে যদিও কনকৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।