• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমগুৰিত ৭০ মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 28, 2019 7:04 am
CM Sonowal

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত মুখ্য মন্ত্ৰীয়ে ৭০ মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। আমগুৰিৰ জাপিসজিয়া গাঁৱত ৩৪০ একৰ ভূমিত নিৰ্মাণ হ’ব লগীয়া এই পাৰ্কে প্ৰদূষণ মুক্ত সৌৰ শক্তি উৎপাদন কৰাৰ উপৰি গৱেষণা আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে কয়, ‘অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰ হোৱা অসম চুক্তিৰ আধাৰত প্ৰায় তিনি দশক পূৰ্বে আমগুৰিত এটা গেছ ভিত্তিক শক্তি প্ৰকল্প স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। বিভিন্ন কাৰণত এই প্ৰকল্প বাস্তবায়িত নহল। অসম চৰকাৰে ৰাইজৰ এই দাবীৰ প্ৰতি সন্মান জনাই প্ৰদূষণ মুক্ত সৌৰ শক্তি প্ৰকল্প ৰূপায়ণৰ বাবে আগবঢ়ি আহিছে’।

Apply Now

‘ৰাজ্যখনৰ শক্তিখণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে আৰু শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ বাবে অসম চৰকাৰৰ যি লক্ষ্য আছিল সেই ক্ষেত্ৰত এই সৌৰ পাৰ্ক এক নতুন সংযোজন। ৰাজ্য চৰকাৰে ২০৩০ চনৰ ভিতৰত ৬৫০০ মেগাৱাট শক্তি উৎপাদনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু এই দিশত বহুদূৰ বাট আগুৱাবলৈ বাকী আছে’ বুলি ব্যক্ত কৰে মুখ্য মন্ত্ৰী সোনোৱালে।

ইফালে অনুষ্ঠানত অসমৰ শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে নিজৰ ভাষণত কয়, ‘৭০ মেগাৱাট ক্ষমতা সম্পন্ন এই সৌৰ পাৰ্কে ৰাজ্যৰ শক্তি খণ্ডক শক্তিশালী কৰিব। প্ৰস্তাৱিত নৰ্থ ইষ্ট গেছ গ্ৰীডৰ কাম সম্পূৰ্ণ হলে সৌৰ পাৰ্কৰ এলেকাতে নিৰ্ধাৰিত কৰি ৰখা এক বৃহৎ ভূমিত গেছ ভিত্তিক শক্তি প্ৰকল্প নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব’।

শক্তি মন্ত্ৰী গৰাকীয়ে লগতে বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ উপৰি বিদ্যুৎজনিত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিদ্যুৎ তাঁৰৰ পৰিৱৰ্তে কেব’ললৈ ৰূপান্তৰ কৰা হৈছে আৰু সকলো কাঠৰ বা বাঁহৰ খুটা আঁতৰাই পকী খুটা সংস্থাপনৰ কাম চলি আছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, এ পি ডি চি এলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক কল্যানী বৰুৱাৰ লগতে বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd