লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমুহ। প্ৰতিটো দলেই নিজ নিজ নিৰ্বাচনী ৰণকৌশলেৰে এতিয়া ভোটাৰৰ মাজলৈ আগবাঢ়িছে। তেনে সময়তে আঞ্চলিক দল অসম গণ পৰিষদে কোনো দলৰ সৈতে মিত্ৰতা কৰিব নে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
অগপৰ ধুঁৱলী-কুঁৱলী স্থিতিৰ বিষয়ে চৰ্চিত হৈ থকাৰ সময়তে কেইবাটাও সমষ্টিত অগপৰ প্ৰাৰ্থী ইতিমধ্যেই সাজু হোৱা বুলি দলটোৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।
সেই অনুসৰি জানিব পৰা মতে বৰপেটা সংসদীয় সমষ্টিত অগপৰ প্ৰাৰ্থী হ’ব দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস। দাসে ইতিমধ্যে বৰপেটাৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভাও অনুষ্ঠিত কৰি একপ্ৰকাৰ প্ৰচাৰ চলাই থকা বুলি জানিব পৰা গৈছে।
ইপিনে, নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে অগপ নেতাজনে।
তেওঁ কয়, ‘মই বৰপেটা সমষ্টিৰ পৰা অৱতীৰ্ণ হ’ব বিচাৰো। সেইকথা দলক জনাইছো। অৱশ্যে কোন সমষ্টিৰ পৰা দলে কাক টিকট দিব সেই কথা এতিয়াও স্থিৰ হোৱা নাই। দলে মোক বৰপেটাৰ পৰা অৱতীৰ্ণ হোৱাৰ সুযোগ দিলে মই সাজু আছো।‘
কুমাৰ দীপক দাসে সমষ্টিটোত অসম গণ পৰিষদৰ স্থিতি ভাল বুলিও দাবী কৰি যোৱা পঞ্চায়ত নিৰ্বাচনতো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত অগপৰ ফলাফল আশানুৰূপ আছিল বুলি তেওঁ মন্তব্য কৰে।
‘বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি সমুহৰ তিনিটা অগপৰ দখলত আছে। আন সমষ্টি সমুহৰ প্ৰতিটোতে অগপৰ ভেটি আছে’, দলৰ স্থিতি সম্পৰ্কে কুমাৰ দীপক দাসে কয়।
উল্লেখ্য যে, বৰপেটা লোকসভা সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটাৰে যথেষ্ট প্ৰভাৱ পেলায়। আনকি স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈ অধিকাংশ সময় ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীয়েই বৰপেটাৰ পৰা জয়লাভ কৰি আহিছে।
তেনেক্ষেত্ৰত অগপ নেতাজনে কয় যে বাঘবৰ, জনিয়া, চেঙাকে ধৰি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত অগপৰ গণভিত্তি পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে আৰু যোৱা পঞ্চায়ত নিৰ্বাচনতো সেই অঞ্চল সমুহত অগপই যথেষ্ট ভোট লাভ কৰিছিল।
ইপিনে, বৰ্তমানলৈ দলটোৱে নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত কোনো স্থিতি ল’ব নোৱাৰাৰ বিপৰীতে তেওঁ অগপই এককভাৱেই অৱতীৰ্ণ হোৱাৰ সম্ভৱনা ব্যক্ত কৰে। তেওঁ কয়, ‘কোনো দলৰ সৈতে এতিয়ালৈ মিত্ৰতা সন্দৰ্ভত আলোচনা হোৱা নাই। আৰু কাৰো পৰা প্ৰস্তাৱো অহা নাই।‘
লোকসভা নিৰ্বাচনকলৈ জল্পনা-কল্পনা চলি থকাৰ মাজতেই ইতিমধ্যে তেজপুৰৰ পৰা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ বিষয়ে নৰ্থ-ইষ্ট নাওত ইতিমধ্যেই বাতৰি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও আৰু কেইবাটাও সমষ্টিত অগপৰ প্ৰাৰ্থী প্ৰায় চুড়ান্ত হোৱা বুলি আমাৰ হাতত তথ্য আহি পৰিছে।