• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি বীৰ চহিদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, উপস্থিত থাকিব মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 8:07 am
Pulwama attack: Mortal remains of CRPF Jawan Manaswar Basumatary reaches homeland Assam on Saturday
258
VIEWS
Share on FacebookShare on Twitter

জম্মু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাক সমৰ্থিত সন্ত্রাসবাদীৰ ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত চহিদ হোৱা অসম তথা তামুলপুৰৰ বীৰপুত্র মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ আজি ৰাজহুৱাভাবে কলবাৰীৰ বাসগৃহত অনুষ্ঠিত হ’ব। এই উদ্দেশ্যে বীৰ চহিদগৰাকীৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে এটা স্মৃতিসৌধ অস্থায়ীভাৱে সাজি উলিওৱা হৈছে।

আজি অনুষ্ঠিত হ’বলগীয়া আদ্যশ্ৰাদ্ধৰ বাবে প্ৰায় ১০-১৫ হাজাৰ লোকৰ বাবে অভ্যৰ্থনাস্থলী সাজি উলিওৱা হৈছে। আদ্যশ্ৰাদ্ধ অনুষ্ঠানত অতিথিৰ আপ্যায়নৰ বাবে প্ৰায় ২০০ স্বেচ্ছাসেৱক যুৱক-যুৱতীক সাজু কৰি তোলা হৈছে।

দেওবাৰে বীৰ চহিদগৰাকীৰ আদ্যশ্ৰাদ্ধত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালো উপস্থিত হ’ব। আজি হেলিকপ্টাৰযোগে মুখ্য মন্ত্ৰী গৰাকী তামুলপুৰলৈ যাব আৰু সেনাবাহিনীৰ হেলিপেডৰ পৰা পোনে পোনে গৈ চহিদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

ইফালে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিব বুলি প্ৰশাসনৰ পৰা জানিব পৰা গৈছে। তাৰোপৰি কেইবাগৰাকী মন্ত্রী, বিধায়ক, উচ্চ পদস্থ সেনা বিষয়া, চি আৰ পি এফৰ উচ্চ পদস্থ বিষয়া, অসামৰিক প্ৰসাশনৰ বিষয়া-কৰ্মচাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দলৰ নেতা-কৰ্মী উপস্থিত থাকিব।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd