• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ হিন্দু বাংলাদেশীক নিব গুজৰাটলৈ; কলনি নিৰ্মাণৰ বাবে ৫ হাজাৰ কোটি টকা দাবী চৰকাৰক

হিন্দু বাংলাদেশীক সংস্থাপনৰ এজেণ্ডা প্ৰবীণ টোগাড়িয়াৰ হিন্দুস্থান নিৰ্মাণ দলৰো; বাংলাদেশী-মুছলমানমুক্ত কৰিব দেশক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 3, 2019 7:36 pm
Praveen Togadia

গুৱাহাটীৰ শ্ৰীমন্তপুৰত সংবাদমেল সম্বোধন কট্টৰপন্থী হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাড়িয়া। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গঠন হৈয়ে মোদীৰ হিন্দুত্বৰ ৰাজনীতিক প্ৰত্যাহ্বান জনোৱা প্ৰবীণ টোগাড়িয়াৰ হিন্দুস্থান নিৰ্মাণ দলৰো আছে হিন্দু বাংলাদেশীক সংস্থাপনৰ এজেণ্ডা। এই কথা আজি নিজমুখে স্বীকাৰ কৰিলে বিশ্ব হিন্দু পৰিষদৰ বহিষ্কৃত নেতাজনে।

আজি গুৱাহাটীৰ শ্ৰীমন্তপুৰত এখন সংবাদমেল অনুষ্ঠিত কৰি কট্টৰপন্থী হিন্দুত্ববাদী নেতাজনে হিন্দু বাংলাদেশীক কোনো কাৰণতেই ভাৰতৰ পৰা বহিষ্কাৰ নকৰাৰ পোষকতা কৰে। তেওঁ নতুনকৈ গঠন কৰা হিন্দুস্থান নিৰ্মাণ দলৰ সেয়া এজেণ্ডাই বুলি জানিবলৈ দিয়ে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ হিন্দু বাংলাদেশীক সংস্থাপনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মৰণপণ যুঁজ দিয়া অসমৰ ৰাইজক এইবাৰ বিষয়টোত এটা নতুন সমীকৰণ আগ বঢ়াইছে টোগাড়িয়াই। হিন্দু বাংলাদেশীক অসম তথা উত্তৰ-পূবৰ পৰিৱৰ্তে ভাৰতৰ অন্যান্য ঠাইত সংস্থাপিত কৰাৰ আঁচনি লোৱা বুলি জনায়।

“এই দেশ ধৰ্মৰ আধাৰত ভাগ ভাগ হৈছে। হিন্দুৰ বাবে হিন্দুস্তান, মুছলমানৰ বাবে পাকিস্তান। বাংলাদেশত যদি কোনো হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে তেওঁলোকৰ মাতৃভূমি ভাৰত আছে”, মোদীৰ সুৰতে সুৰ মিলাই প্ৰৱীণ টোগাড়িয়াই কয়।

তেওঁ কেৱল ভাৰতত বাংলাদেশীসকলক আশ্ৰয় দিয়াই নহয়, তেওঁলোকৰ বাবে কলনি নিৰ্মাণ কৰাৰ বাবে ভাৰত চৰকাৰৰ পৰা বৃহৎ অংকৰ ধন বিচৰা বুলিও জানিবলৈ দিয়ে।

“মই ভাৰত চৰকাৰৰ পৰা বাংলাদেশী হিন্দুক নাগৰিকত্ব দি সংস্থাপিত কৰাৰ বাবে পাঁচ হাজাৰ কোটি টকা বিচাৰি আছো। তেওঁলোকৰ বাবে চুৰাট, লুধিয়ানা, জলন্ধৰ, বাংগালোৰ, হায়দৰাবাদ আদিত কলনি স্থাপন কৰা হওক”, সংবাদমেলত জনালে টোগাড়িয়াই।

তেওঁ সেইবোৰ অঞ্চলত উদ্যোগ আছে আৰু উদ্যোগত কাম কৰা শ্ৰমিকৰো প্ৰয়োজন আছে বুলি দাবী কৰি বাংলাদেশী হিন্দুৰে সেই প্ৰয়োজন পূৰণ কৰিব লাগে বুলি যুক্তি দাঙি ধৰে।

ইয়াৰ উপৰি তেওঁ কয় যে অসমত বাংলাদেশী হিন্দু নাথাকিলে সমস্যা নোহোৱা হ’ব। আৰু গুজৰাট, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আদি ৰাজ্যত হিন্দু বাংলাদেশীয়ে একো সমস্যা নকৰে। সেয়ে অসমৰ বাহিৰে সেই ৰাজ্যসমূহত তেওঁলোকক থকাৰ ব্যৱস্থা, এবছৰৰ বাবে খাদ্যৰ যোগান, এবছৰৰ বাবে তেওঁলোকৰ শিশুসকলৰ শিক্ষাৰ দায়িত্ব লোৱাৰ বাবে দাবী জনায়।

আনহাতে সকলো বাংলাদেশী মুছলমান অসমৰ লগতে সমগ্ৰ দেশৰ পৰাই বহিষ্কাৰ হ’ব লাগিব বুলি দাবী কৰে। বাংলাদেশী মুছলমানসকলক চিনাক্ত কৰি ডিটেইনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে।

মুছলমান বাংলাদেশীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়ালৈ চৰকাৰে অপেক্ষা কৰি থকাৰো প্ৰয়োজন নাই বুলি টোগাড়িয়াই মন্তব্য আগ বঢ়ায়।

“‘অসম চৰকাৰে বিদেশীৰ আইন (Foreigners Act) প্ৰয়োগ কৰি সন্দেহযুক্ত বাংলাদেশীক ডিটেনশ্যন কেম্পলৈ লৈ যোৱাৰ ব্যৱস্থা কৰক। এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱালৈ ৰৈ থাকিব নালাগে। সন্দেহযুক্ত বাংলাদেশী মুছলমানক ডিটেনশ্যন কেম্পলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই”, হিন্দু বাংলাদেশীৰ প্ৰতি লোৱা সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগিৰে টোগাড়িয়াই কয়।

ৰাজ্যখনত নৱগঠিত দলটোৱে কেইবাটাও সমষ্টিত প্ৰাৰ্থী দিব বুলি কৈ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত অযোধ্যাত ৰাম মন্দিৰ, দেশক বাংলাদেশী-মুছলমান শূন্য কৰা, কাশ্মীৰত শান্তি প্ৰতিষ্ঠা আৰু সৈনিকক সুৰক্ষা দিয়া আৰু গোৰক্ষাৰ এজেণ্ডা লৈ আগ বাঢ়িব বুলিও জানিবলৈ দিয়ে।

কালিৰ সংবাদমেলখনৰ দৰে আজিও মোদীৰ নীতি আৰু স্থিতিক সমালোচনা কৰে কট্টৰ হিন্দুত্ববাদী নেতাজনে। তেওঁ মোদীৰ অৰ্থনৈতিক নীতিয়ে গৰিবক অধিক গৰিব কৰিলে আৰু ধনীক অধিক ধনী কৰিলে বুলি অভিযোগ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd