লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰাৰ বাবে এইবাৰ দলটোৱে যুৱ ভোটাৰৰ ওপৰত দিছে বিশেষ গুৰুত্ব। দলটোৱে যুৱক-যুৱতীসকলক দলৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰটো লৈছে পদক্ষেপ। সেই অনুসৰি দেওবাৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ য়ু আইয়ে অনুষ্ঠিত কৰে এক যোগদান কাৰ্যসূচী।
গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এন এছ য়ু আইত যোগদান কৰে। সংগঠনটোত যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলক আদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, দলৰ উপ সভাপতি তথা বিধায়ক ৰকিবুল হুছেইন, ৰূপজ্যোতি কুৰ্মী আৰু জ্যেষ্ঠ নেতা শৈলেন বৰাই।
এই অনুষ্ঠানৰ জৰিয়তে এন এছ য়ু আইত যোগদান কৰে কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, সন্দিকৈ ছোৱালি মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে। তেওঁলোকৰ মাজৰ কেইবাজনো সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আন আন সংগঠনৰ পৰা পদত্যাগ কৰা সদস্যও আছে।
অনুষ্ঠানটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ছাত্ৰ-ছাত্ৰীসকলক ৰাজনৈতিকভাৱে সচেতন হ’বলৈ আহ্বান জনাই সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত দেশক ৰক্ষাৰ বাবে তেওঁলোকক উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায়।
‘ছাত্ৰ-ছাত্ৰী সকল দেশৰ ভৱিষ্যত। ছাত্ৰ-ছাত্ৰী কেতিয়াও ৰাজনীতিৰ উৰ্ধ্বত নহয়। গণতান্ত্ৰিক দেশ এখনত ছাত্ৰ-ছাত্ৰীয়ে ৰাজনীতিত অংশগ্ৰহণ কৰাতো খুবেই প্ৰয়োজন’, ৰিপুন বৰাই এইদৰে কয়।
একেদৰে অসম ৰাজ্যিক এন এছ য়ু আইৰ সভাপতি জ্যোতিবিকাশ চাংমায়ে ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনাই আগন্তুক লোকসভা নিৰ্বাচনত এন এছ য়ু আইয়ে বৰ্দ্ধিত শক্তিৰে অসমত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও মন্তব্য কৰে।