• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঁটা-বাহন, আদৰ, সম্বৰ্ধনাই নষ্ট কৰিলে নেকি কেৰিয়াৰ? দেশতে চতুৰ্থ হোৱাত চিন্তিত হিমাৰ অনুৰাগী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 9:03 pm
Hima das grand prix

প্ৰতিনিধিত্বমূলক ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব এথলেটিকছত স্বৰ্ণ, এছিয়ান গেইমছত ৰূপৰ পদক জয়েৰে বিৰল গৌৰৱ আৰু সন্মানৰ অধিকাৰী হোৱা দেশৰ দৌৰৰাণী, অসমৰ হিমা দাসৰ কেৰিয়াৰ ক্ষতিগ্ৰস্ত কৰিছে নেকি তেওঁ পোৱা সন্মান, আদৰ, বঁটা-বাহনে? শেহতীয়াকৈ হিমাৰ এটা অতি দুৰ্বল প্ৰদৰ্শনৰ পিছত খেলুৱৈগৰাকীৰ লাখ লাখ অনুৰাগী এই দুশ্চিন্তাত ভুগিছে।

যোৱা ২ ফেব্ৰুৱাৰিত পাঞ্জাবত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰিত দৌৰৰাণীগৰাকীয়ে নিজৰ দেশৰে সতীৰ্থ খেলুৱৈসকলৰ মাজত চতুৰ্থ স্থানত ৰয়। তেওঁক চেৰ পেলাই ভি কে ভিছমায়াই স্বৰ্ণ (৫৩.৮ ছেকেণ্ড), এম আৰ পূভম্মাই ৰূপৰ (৫৪.০৬ ছেকেণ্ড) আৰু প্ৰাচী চৌধুৰীয়ে (৫৪.৪৯ ছেকেণ্ড) ব্ৰঞ্জৰ পদক পায়। ইয়াৰে পূভম্মা আৰু প্ৰাচী আছিল দেশৰ হৈ জাকাৰ্টাত স্বৰ্ণ জিনা ৰিলে দৌৰটোৰ হিমাৰ সতীৰ্থ।

২ ফেব্ৰুৱাৰিৰ প্ৰতিযোগিতাখনত হিমাই তেওঁৰ ৪০০ মিটাৰ দৌৰ কেৰিয়াৰ সৰ্বনিম্ন প্ৰদৰ্শন কৰে। সময় লয় ৫৫.১৯ ছেকেণ্ড, য’ত তেওঁৰ শ্ৰেষ্ঠ সময় আছিল ৫০.৭৯ ছেকেণ্ড।

উল্লেখযোগ্য যে যোৱা বছৰ অনূৰ্ধ্ব-২০ বিশ্ব প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জনৰ পিছতে আগষ্ট-ছেপ্তেম্বৰত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছতো ঈৰ্ষণীয় সফলতা পোৱাৰ পিছত আদৰ, সন্মান, বঁটা-বাহন, চাকৰি আদিৰ এক প্ৰকাৰৰ বৰষুণ পৰিছিল হিমাৰ ওপৰত।

কিন্তু তাৰ পিছতে উদীয়মান, প্ৰতিভাশালী হিমাৰ প্ৰদৰ্শনৰ গ্ৰাফ এইদৰে নিম্নগামী হোৱাত উদ্বিগ্ন হৈছে অনুৰাগীসকল।

অৱশ্যে খেলুৱৈগৰাকীৰ এই অৱনমনৰ শংকা আগতীয়াকৈ কৰিছিল তেওঁৰ শুভাকাংক্ষী অসমৰ ৰাইজে। এছিয়ান গেইমছৰ সফলতাৰ পিছতে অসমৰ বঁটা-বাহন, সম্বৰ্ধনা, আদৰ-সন্মানৰ মাজত ডুব গৈ থকা পাঞ্জাবৰ পাটিয়ালাত চলি থকা অলিম্পিকৰ প্ৰস্তুতি শিবিৰত উপস্থিত থাকিবলৈ হিমাক শেষ সকীয়নি দিব লগীয়া হৈছিল এথলেটিকছ ফেডাৰেইশ্যন অব ইণ্ডিয়াই।

“হিমাই খেলত মনোযোগ নিদি যদি অন্য বঁটা বাহন,অনুষ্ঠান আদিত ব্যস্ত থাকে তেতিয়া হিমা আগন্তক টকিঅ’ অলিম্পিকৰ সপোন সপোন হৈয়ে থাকিব।” এয়া আছিল হিমাই শিবিৰত যোগদান নকৰাক লৈ অসন্তুষ্ট ফেডাৰেইশ্যন সভাপতি আদিল ছুমাৰিঅ’ৱালাৰ মন্তব্য।

মন কৰিব লগীয়া যে বঁটা-বাহন, আদৰ, সম্বৰ্ধনাই উদীয়মান ক্ৰীড়াবিদৰ কেৰিয়াৰ নষ্ট কৰাৰ উদাহৰণ ভাৰত তথা অসমত কম নহয়।

Recent News

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd